সোমবাৰে স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতলালৈ লৈ অনা হয় কৃষক নেতা অখিল গগৈক।
সোমবাৰে স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতলালৈ লৈ অনা হয় কৃষক নেতা অখিল গগৈক।
সোমবাৰে স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতলালৈ লৈ অনা হয় কৃষক নেতা অখিল গগৈক। বুকুৰ বিষত আক্ৰান্ত হৈছে কাৰাবন্দী কৃষক নেতাগৰাকী। গুৱাহাটী চিকিত্সা মহাবিদ্যালয়লৈ লৈ অনাৰ সময়তে কৃষক নেতাগৰাকীয়ে ৰাজ্যৰ সকলো আঞ্চলিক ৰাজনৈতিক শক্তিকে একত্ৰিত হ’বলৈ আহ্বান জনায়।
অখিল গগৈয়ে কয় যে, সকলো ভাগ ভাগ হ’লে বিজেপিক বাট মুকলি কৰি দিয়া হ’ব। সেয়েহে সকলোৱে এখন পতাকা, এটা প্ৰতীকৰ তলত নিৰ্বাচনত অৱতীৰ্ণ হ’ব লাগিব। অখিল গগৈৰ মতে, যদি আছু, যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি, সৰু বৰ জাতি জনগোষ্ঠীৰ সংগঠন, সকলো একেলগ হয়, তেন্তে ৰাজ্যৰ ৰাজনীতিত ধুমুহা আহিব। আৰু এই ধুমুহাত উৰি যাব বিজেপি, কংগ্ৰেছ, AIUDF।
অখিল গগৈয়ে লগতে ল’ক ডাউনৰ ফলত ক্ষতি হোৱা সকলো পৰিয়ালকে ১০ হাজাৰকৈ টকা ক্ষতিপূৰণ হিচাপে দিবলৈ দাবী জনাই চৰকাৰক। উল্লেখযোগ্য যে, ক'ভিড ফলাফল নিগেটিভ হোৱাৰ পিছতো কেইবাটাও ৰোগত আক্ৰান্ত হৈ বৰ্তমান গুৱাহাটী চিকিত্সা মহাবিদ্যালয় চিকিৎসাধীন হৈ আছে অখিল গগৈ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|