Akhil Gogoi on new appointment : অখিল গগৈৰ তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক
Akhil Gogoi on new appointment : অখিল গগৈৰ তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক
"চৰকাৰ গঠনৰ পূৰ্বে ৩১ মাৰ্চত এক লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ তাৰ পৰিৱৰ্তে ৩১ মাৰ্চ পাৰ হৈ যোৱাৰ পিছত মাত্ৰ চাৰি ভাগ এক অংশতকৈও কম নিযুক্তি প্ৰদান কৰি বাহ বাহ লৈছে মুখ্যমন্ত্ৰীয়ে। যোৱা চৰকাৰৰ কাৰ্যকালৰ দিনত দিয়া বিজ্ঞাপনৰ বিপৰীতেহে আজিৰ দিনটোত প্ৰায় ২৩ হাজাৰ নিযুক্তি দিছে ৷ ৰাইজৰ দলে এই নিযুক্তিৰ বাবে অভিনন্দন জনাব নোৱাৰে ৷" -নগাঁৱৰ আৱৰ্ত ভৱনত এক সংবাদমেলৰ আয়োজন কৰি মুখ্যমন্ত্ৰীক এইদৰে সমালোচনা কৰে অখিল গগৈয়ে (MLA Akhil Gogoi)।
মুখ্যমন্ত্ৰীয়ে বিধানসভাত এবছৰৰ ভিতৰত কোৱা মতে এক লাখ নিযুক্তি দিয়াৰ কাৰ্যসূচীত অখিল গগৈক নিমন্ত্ৰণ কৰাৰ কথা কৈছিল যদিও নিমন্ত্ৰণ কিয় কৰিব নোৱাৰিলে বুলি প্ৰশ্ন কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) তেওঁৰ কাৰ্যকালৰ পাঁচ বছৰত ২ লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতিৰ কথাও সোঁৱৰালে অখিল গগৈয়ে।
ইপিনে সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ গোপন মিতিৰালি থকাৰ অভিযোগ তুলি অখিল গগৈয়ে কয়- ''হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে আলফাত (ULFA-I) বহু অসমীয়া যুৱক-যুৱতীয়ে যোগদান কৰিছে। সেয়ে সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰে চৰকাৰৰ গোপন মিতিৰালি থকাৰ সন্দেহ কৰিবলৈ আমি বাধ্য হৈছোঁ।''
শেহতীয়াভাৱে ৰাজ্য চৰকাৰে শিলচৰ আৰু শিলসাঁকো বিলত চলোৱা উচ্ছেদ কাৰ্যকো চৰম অমানৱীয় বুলি মন্তব্য কৰি চৰকাৰৰ এই কাৰ্যক তীব্ৰ গৰিহণা দিয়ে অখিল গগৈয়ে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|