২০২০ বৰ্ষটো জে'লৰ ভিতৰতে কটালে অখিল গগৈয়ে; ২০২১ত মুক্তি পাবনে কৃষক নেতাগৰাকীয়ে? 

News18 Assam | News18-Assam
Updated:December 31, 2020, 2:54 PM IST
২০২০ বৰ্ষটো জে'লৰ ভিতৰতে কটালে অখিল গগৈয়ে; ২০২১ত মুক্তি পাবনে কৃষক নেতাগৰাকীয়ে? 
২০১৯ চনৰ ডিচেম্বৰৰ ১১ তাৰিখে সংসদত গৃহীত হৈছিল নাগৰিকত্ব সংশোধনী বিধেয়ক। সেই সময়তে সমগ্ৰ অসমত আইনখনৰ বিৰুদ্ধে হৈছিল তীব্ৰ প্ৰতিবাদ।

২০১৯ চনৰ ডিচেম্বৰৰ ১১ তাৰিখে সংসদত গৃহীত হৈছিল নাগৰিকত্ব সংশোধনী বিধেয়ক। সেই সময়তে সমগ্ৰ অসমত আইনখনৰ বিৰুদ্ধে হৈছিল তীব্ৰ প্ৰতিবাদ।

  • Share this:
২০১৯ চনৰ ডিচেম্বৰৰ ১১ তাৰিখে সংসদত গৃহীত হৈছিল নাগৰিকত্ব সংশোধনী বিধেয়ক। সেই সময়তে সমগ্ৰ অসমত আইনখনৰ বিৰুদ্ধে হৈছিল তীব্ৰ প্ৰতিবাদ। প্ৰতিবাদক নেতৃত্ব দিছিল সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতিয়তাবাদী  যুৱ ছাত্ৰ পৰিষদ আদি সংগঠনে ।

১২ডিচেম্বৰৰ দিনা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ উজনি অসমৰ পৰা গ্ৰেপ্তাৰ হৈছিল। পৰৱৰ্তী সময়ত তদন্তকাৰী  সংস্থা 'National Investigation Agency (NIA)'য়ে অখিলক জিম্মাত লৈছিল। ডিচেম্বৰৰ ২৫ তাৰিখে অখিলক ডিব্ৰুগড়ৰ পৰা গুৱাহাটী কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছিল আৰু তেতিয়াৰ পৰাই গোটেই ২০২০বৰ্ষটো জে'লতে কটালে গগৈয়ে। মাজত তেওঁ Covid-19 ৰোগটো আক্রান্ত হৈছিল আৰু কিছুদিন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অস্থায়ী কাৰাগাৰত আছিল ।

অখিলৰ বিৰুদ্ধে 'Unlawful Activities Prevention Act'ৰ দফা ১৮ আৰু ৩৯ৰ অধীনত গোচৰ ৰুজু কৰিছে NIA-এ । অভিযোগনামাত দুজন পৰিচয় গোপনে ৰখা সাক্ষীৰ ভাষ্যৰ ভিত্তিত অখিল গগৈ আৰু তেওঁৰ সংগঠনৰ মাওবাদী সন্ত্ৰাসবাদীৰে সংযোগ থকাৰ কথা কোৱা হৈছে। নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত তেওঁ অৰ্থনৈতিক অবৰোধৰ হুংকাৰ দি দেশৰ অৰ্থনৈতিক সুৰক্ষাৰ প্ৰতি ভাবুকি নমাই আনিছিল বুলিও অভিযোগনামাত উল্লেখ কৰা হৈছে।

যদিও আন বহুকেইটা গোচৰত অখিল গগৈয়ে জামিন পালে,  কিন্তু UAPAৰ গোচৰত তেওঁ এতিয়াও জামিন পোৱা নাই। গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁ কৰা জামিন আবেদনৰ শুনানি যোৱা ১৭ ডিচেম্বৰত অন্ত পৰিছে। উচ্চ ন্যায়ালয়ত অখিল গগৈৰ হৈ যুক্তি দৰ্শাইছিল উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হুজেফা এহমদীয়ে। NIAক প্ৰতিনিধিত্ব কৰিছিল দেশৰ 'Additional Solicitor General' এছ কে ৰাজুৱে । অহা জানুৱাৰীৰ ৪ তাৰিখে ন্যায়ালয় শীতকালীন বন্ধৰ পাছত খুলিব। সেইদিনা আদালতে ৰায় প্ৰদান কৰাৰ সম্ভাৱনা আছে ।
উল্লেখযোগ্য যে অখিল গগৈ জেলত থকাৰ সময়ছোৱাতে তেওঁৰ সতীৰ্থ সকলে ‘ৰাইজৰ দল’ নামৰ এটা ৰাজনৈতিক দল খুলিলে।
Published by: Himangshu Bhuyan
First published: December 31, 2020, 2:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading