உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Akhil Gogoi: "গণতন্ত্ৰৰ সমস্ত মূল্যবোধক ধ্বংস কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷" কিয় ক'লে অখিল গগৈয়ে !

    Akhil Gogoi: "গণতন্ত্ৰৰ সমস্ত মূল্যবোধক ধ্বংস কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷" কিয় ক'লে অখিল গগৈয়ে !

    কংগ্ৰেছ আৰু AIUDF দলৰ মাজত হোৱা এনে দল বাগৰা ৰাজনীতিক লৈ অখিল গগৈয়ে কয়, "এই দুটা দল প্ৰকৃততে কেনেকুৱা বুজিব নোৱাৰি ৷ কংগ্ৰেছৰ নিজৰ মানুহ গৈ আছে অথচ ৰখাব পৰা নাই এই বিয়াগোম ৰাষ্ট্ৰীয় দলটোৰ নেতাসকলে ৷"

    • Share this:
    কংগ্ৰেছী বিধায়ক শশী কান্ত দাস (Shashi Kanta Das)ৰ বাসগৃহত পুৱাই উপস্থিত হ'লগৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sharma) ৷ বিধায়ক গৰাকীৰ বাসগৃহত মুখ্যমন্ত্ৰী উপস্থিতিক লৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi)য়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

    ৰাজ্যসভা নিৰ্বাচন (Rajya Sabha election)ৰ প্ৰাকক্ষণত এনেদৰে বিধায়কৰ বাসগৃহত উপস্থিত হোৱাটো নিশ্চয় বিধায়ক ক্ৰয়-বিক্ৰয়ৰ কথা সূচাইছে বুলি প্ৰতিক্ৰিয়া ব্য়ক্ত কৰে অখিল গগৈয়ে ৷ সংসদীয় ৰাজনীতিৰ কাৰণে এয়া এক গৰ্হিত কাৰ্য্য বুলি কয় অখিল গগৈয়ে ৷

    অখিলে কয়, "মুকলি বজাৰত বিধাযক কিনা-বেচা কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ গণতন্ত্ৰৰ সমস্ত মূল্যবোধক ধ্বংস কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷"  ইপিনে বিক্ৰী যোৱা বিধায়কক উদ্দেশ্যে কৰি অখিল গগৈয়ে কয়, "যিজন বিক্ৰী হয় তেওঁ মানুহ নে অইন কিবা সেই লৈ  প্ৰশ্ন উঠে ৷ বিবেকবান মানুহৰ বাবে এয়া অতিকে লজ্বাজনক কাৰ্য্য। মানুহ অমানুহৰ মাজত পাৰ্থক্য নাইকীয়া কৰিছে আজিৰ একাংশ জনপ্ৰতিনিধিযে ৷"

    শেহতীয়াকৈ কংগ্ৰেছৰ দুই পদত্যাগী বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বুঢ়াগোহাঁইৰ প্ৰসংগ আনি অখিলে কয়, "মৰয়নি আৰু থাওৰা সমষ্টিৰ দুই বিধায়ক বিজেপিলৈ যোৱাৰ বাবে সমষ্টিটো সোণৰ হৈ গ'ল নেকি ? ব্যক্তিগত লাভৰ বাবে দল সলনি কৰিছে কংগ্ৰেছৰ বিধায়কসকলে ৷ ইয়াৰ উপৰি শাসক দলৰ নেতাই ব্লেকমেইনিং কৰিব বিচাৰে একাংশ বিধাযকক ৷ যাৰবাবে ভয় ভাবুকিৰে বাবেই একাংশ ৰাজনিতীকে সলনি কৰে দল ৷ এয়া গণতন্ত্ৰতৰ নীতি বিৰুদ্ধ ৷"

    কংগ্ৰেছ আৰু AIUDF দলৰ মাজত হোৱা এনে দল বাগৰা ৰাজনীতিক লৈ অখিল গগৈয়ে কয়, "এই দুটা দল প্ৰকৃততে কেনেকুৱা বুজিব নোৱাৰি ৷ কংগ্ৰেছৰ নিজৰ মানুহ গৈ আছে অথচ ৰখাব পৰা নাই এই বিয়াগোম ৰাষ্ট্ৰীয় দলটোৰ নেতাসকলে ৷"
    Published by:Manjumoni Borah
    First published: