• Home
  • »
  • News
  • »
  • assam
  • »
  • নিজৰ কেৰিয়াৰ বচাবলৈ মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিৰ ওপৰত শেষ গজাল মাৰিছে- অখিল গগৈ

নিজৰ কেৰিয়াৰ বচাবলৈ মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিৰ ওপৰত শেষ গজাল মাৰিছে- অখিল গগৈ

হিমন্ত বিশ্ব শৰ্মাই নিজৰ কেৰিয়াৰ বচাবলৈ অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী ভাষা জাপি দিব বিচাৰিছ- অখিল গগৈ

হিমন্ত বিশ্ব শৰ্মাই নিজৰ কেৰিয়াৰ বচাবলৈ অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী ভাষা জাপি দিব বিচাৰিছ- অখিল গগৈ

হিমন্ত বিশ্ব শৰ্মাই নিজৰ কেৰিয়াৰ বচাবলৈ অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী ভাষা জাপি দিব বিচাৰিছ- অখিল গগৈ

  • Share this:
অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী ভাষাত গণিত-বিজ্ঞানৰ পাঠদান প্ৰসংগক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি ল'লে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। "RSS-BJPৰ কথামতে অসমীয়া জাতিৰ ওপৰত শেষ গজালটো মাৰিবৰ কাৰণে আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ কেৰিয়াৰ বচাবৰ কাৰণে  অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী ভাষা জাপি দিব বিচাৰিছে।" এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।

শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত আজি  ৰাইজৰ দলৰ যোগদান সমাৰোহত চৰকাৰক তীব্ৰ সমালোচনা কৰে  অখিল গগৈয়ে। 'অসম চৰকাৰৰ কেবিনেটে শেহতীয়াকৈ ইংৰাজী ভাষাত পাঠদানৰ বাবে লোৱা সিদ্ধান্ত কোনোপধ্যেই মানি লোৱা নহ'ব' বুলিও সকিয়নী অখিল গগৈৰ।

ইপিনে যোগদান সমাৰোহত CAA বিৰোধী শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে  নাগৰিকত্ব সংশোধনী আইনখন কোনোপধ্যেই মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিয়ে অখিল গগৈয়ে।

ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক গৰাকীৰয়ে। "বিজেপিয়ে কোৱা বাবেহে জাতীয় পতাকা উত্তোলন কৰিম এনে কথা হ'ব নোৱাৰে , জাতীয় পতাকাৰ প্ৰতি আমাৰ শ্ৰদ্ধা, সন্মান সদায়ে আছে।  আমি নিজৰ ইচ্ছাৰে জাতীয় পতাকা উত্তোলন কৰিম। নৰেন্দ্ৰ মোদীয়ে কোৱাৰ বাবে নহয়" - এই মন্তব্য অখিল গগৈৰ । ইয়াৰ উপৰিও বিজেপি যাৰ ঔৰসত জন্ম হৈছিল সেই আৰ এছ এছৰ কাৰ্যালয়তে জাতীয় পতাকা উত্তোলন কৰা নহয় বুলি কটাক্ষ কৰে তেওঁ।‌

আনহাতে আলফা স্বাধীনে ৭৫ সংখ্যক স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনোৱা সন্দৰ্ভতো মতামত প্ৰকাশ কৰে অখিলে। আলফা স্বাধীনৰ আহ্বান ৰাইজৰ দলে কেতিয়াও মানি নলয় বুলি স্পষ্ট কৰে  বিধায়ক গগৈয়ে।

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে এতিয়াৰে পৰা সাজু হ'বলৈয়ো দলীয় কৰ্মীৰ প্ৰতি আহ্বান জনায় ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। উল্লেখযোগ্য যে যোগদান সমাৰোহত কংগ্ৰেছ, বিজেপিসহ বিভিন্ন দল সংগঠনৰ চাৰি শতাধিক কৰ্মী তথা বিষয়ববীয়াই ৰাইজৰ দলত যোগদান কৰে।  শিৱসাগৰ জিলা কংগ্ৰেছৰ সদ্য পদত্যাগী সাধাৰণ সম্পাদক বিজিৎ দত্তৰ লগতে কংগ্ৰেছ নেতা টি এন প্ৰাণে আজি ৰাইজৰ দলত যোগদান কৰে।
Published by:Manjumoni Borah
First published: