Akhil Gogoi Slams Badaruddin Ajmal: আজমলক তীব্ৰ ভাষাৰে কটাক্ষ কৰি অখিল গগৈয়ো কয় যে আজমলৰ দৰে মৌলবাদীক বিদায় জনাবলৈ সময় হৈ গৈছে।
ধুবুৰীত উপস্থিত হৈ সাংসদ বদৰুদ্দিন আজমল (Badaruddin Ajmal)ৰ বিৰুদ্ধে সৰৱ হৈ পৰিল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi)। আজমলক তীব্ৰ ভাষাৰে কটাক্ষ কৰি অখিল গগৈয়ে কয় যে আজমলৰ দৰে মৌলবাদীক বিদায় জনাবলৈ সময় হৈ গৈছে। অখিলৰ অভিযোগ- ধুবুৰীৰ কৃষক ৰাইজৰ খেতি পথাৰ অতি বৰষুণৰ বাবে বিনষ্ট হৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, কিন্তু পোন্ধৰ বছৰৰ সাংসদ আজমলে খবৰ ল'বলৈ সময় পোৱা নাই।
অখিলে আকৌ কয়, আজমলে কেৱল জৰা-ফুকাৰ ৰাজনীতি কৰি হিন্দু-মুছলমান (Hindu-Muslim)ৰ মাজত বিভাজন কৰি ৰাইজৰ পৰা আচল সমস্যা লুকুৱাই ৰখাৰ চেষ্টা কৰি আহিছে। যিমান দিনলৈ আজমলৰ দৰে নেতা আৰু বিজেপি-আৰএছএছ (BJP-RSS)ৰ দৰে ধৰ্মৰ নামত ৰাজনীতি কৰা দলক আমি অসমৰ পৰা উৎখাত কৰিব নোৱাৰিম তেতিয়ালৈ অসমৰ প্ৰকৃত উন্নয়ন সম্ভৱ নহ'ব বুলি মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|