உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অখিল গগৈৰ অনুৰোধ প্ৰত্যাখান কংগ্ৰেছৰ ! থাওৰাত কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো প্ৰায় নিশ্চিত...

    অখিল গগৈৰ অনুৰোধ প্ৰত্যাখান কংগ্ৰেছৰ ! থাওৰাত কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো প্ৰায় নিশ্চিত...

    দেওবাৰে উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ  সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছে নিৰূপণ কৰা সমষ্টিসমূহৰ ভিতৰত থাওৰা সমষ্টিও অন্তৰ্ভূক্ত হোৱাৰ লগে লগে অখিল গগৈৰ এই অনুৰোধ যেন নৰজিল প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ ওচৰত। কংগ্ৰেছৰ এই সিদ্ধান্তৰ লগে লগে মৰিয়নীটো ৰাইজৰ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো প্ৰায় খাটাং হ'ল।

    • Share this:
    অৱশেষত চামগুৰিত কংগ্ৰেছৰ বিধায়নী দলৰ উপ-দলপতি ৰকিবুল হুছেইনৰে হোৱা বৈঠকত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কংগ্ৰেছ নেতৃত্বক কৰা অনুৰোধক যেন প্ৰত্যাখান কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।

    শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৰকিবুল হুছেইনৰ জৰিয়তে থাওৰা সমষ্টিটো ৰাইজৰ দলক এৰি দিবলৈ অনুৰোধ জনাইছিল। তেঁও চামগুৰিত ৰকিবুল হুছেইনৰ সন্মুখতে সংবাদ মাধ্যমক স্পষ্টভাৱে জনাইছিল থাওৰা সমষ্টি কংগ্ৰেছে ৰাইজৰ দলক এৰি দিলে মৰিয়নীটো তেঁওলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰা-নকৰাৰ সন্দৰ্ভত নতুনকৈ বিবেচনা কৰিব। বিধায়ক অখিল গগৈৰ মতে থাওৰাত ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰ এগৰাকী শক্তিশালী প্ৰাৰ্থী আৰু বিৰোধী ঐক্য হ'লে তেওৰ জয় নিশ্চিত। অখিল গগৈৰ এই অনুৰোধক সঁহাৰি জনাই ৰকিবুল হুছেইনেও প্ৰদেশ কংগ্ৰেছৰ সভাপতিক এই বিষয়ে বিবেচনা কৰাৰ প্ৰস্তাৱ দিয়াৰ কথা ঘোষণা কৰিছিল। কিন্তু দেওবাৰে উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ  সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছে নিৰূপণ কৰা সমষ্টিসমূহৰ ভিতৰত থাওৰা সমষ্টিও অন্তৰ্ভূক্ত হোৱাৰ লগে লগে অখিল গগৈৰ এই অনুৰোধ যেন নৰজিল প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ ওচৰত। কংগ্ৰেছৰ এই সিদ্ধান্তৰ লগে লগে মৰিয়নীটো ৰাইজৰ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো প্ৰায় খাটাং হ'ল। এতিয়া মৰিয়নী আৰু থাওৰা দুয়োটা সমষ্টিতে বিৰোধী ভোটৰ বিভাজনৰ সুযোগ লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে শাসকীয় বিজেপিয়ে। কংগ্ৰেছ ত্যাগী ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোঁহাইয়ে বিজেপিৰ টিকটত মৰিয়নী আৰু থাওৰাৰ পৰা নিৰ্বাচন খেলাটো প্ৰায় নিশ্চিত। সেয়ে দুয়োগৰাকীয়ে  বিৰোধী ভোটৰ বিভাজনৰ সুযোগ লৈ পুনৰ বিজেপিৰ টিকটত জয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে এই কেইটা সমষ্টিত মিত্ৰতা ন'হলেও অনাগত সময়ত বিজেপিক প্ৰতিৰোধৰ স্বাৰ্থত এআইইউডিএফক বাদ দি অন্য সকলো দলৰে মিত্ৰতা অব্যাহত থাকিব বুলিও চামগুৰিত মত প্ৰকাশ কৰিছিল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।
    Published by:Kokil Sarma
    First published: