বড়ো জাতিৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰক্ষ্মৰ উপজা দিনটোক ৰাজ্য চৰকাৰে 'ছাত্ৰ দিৱস' হিচাপে আজি পালন কৰাৰ সময়তে অসম বিধানসভাৰ মজিয়াত বডোফাক স্মৰণ কৰা হয় ৷ সদনৰ মজিয়াত সকলো দলৰ পৰা একোজনকৈ সদস্যই বডোফাৰ জীৱনৰ ওপৰত আলোকপাত কৰি ভাষণ দিয়ে । লগতে চৰকাৰৰ পদক্ষেপক প্ৰশংসা কৰে।
আজি বড়ো জাতিৰ পিতামহস্বৰূপ উপেন্দ্ৰনাথ ব্ৰক্ষ্মৰ ওপজা দিন ৷ বডোফা উপেন্দ্ৰনাথ ব্ৰক্ষ্মৰ ওপজা দিনটোক ৰাজ্যত 'ছাত্ৰ দিৱস' হিচাপে পালন কৰিব বুলি ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ঘোষণা কৰাৰ পিছত আজি প্ৰথমবাৰৰ বাবে পালন কৰা হয় ছাত্ৰ দিৱস ৷ বডোফাৰ ওপজা দিনটোত আজি অসম বিধানসভাৰ মজিয়াতো বডোফাক স্মৰণ কৰা হয় ৷ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ উদ্যোগত বডোফাৰ জীৱনৰ ওপৰত আলোকপাত কৰা হয় ৷
সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই সদনত বডোফা উপেন্দ্ৰনাথ ব্ৰক্ষ্মক স্মৰণ কৰি বডোফা সকলো জাতিৰ প্ৰেৰণা হ'ব লাগে বুলি উল্লেখ কৰে ৷ অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰায়েও সদনত অতীত ৰোমন্থন কৰি বডোফাক শ্ৰদ্ধা জনায় ৷ বডোফাক লগ পোৱা আৰু বডোফাৰে হোৱা বৈঠকসমূহৰ কথা সদনত স্মৰণ কৰিলে প্ৰাক্তন মন্ত্ৰী ভৰত চন্দ্ৰ নৰহে ৷
AIUDFৰ ধিঙৰ বিধায়ক আমিনুল ইছলামে বডোফাক স্মৰণ কৰি ক'লে— “বডোফা কেৱল বড়ো জাতিৰেই নহয়, সকলো জনগোষ্ঠীয় ৰাইজৰ প্ৰেৰণাৰ প্ৰতীক ৷” কটন আৰু বিশ্ববিদ্যালয়ৰ দিনত বডোফাৰে কটোৱা সময়ৰ কথা সুঁৱৰিলে বিধায়ক দুৰ্গা দাস বড়োয়ে ৷ স্মৰণ কৰিলে এসময়ত বড়ো জাতিৰ বাবে সশস্ত্ৰ সংগ্ৰাম কৰা গোবিন্দ বসুমতাৰীয়ে ৷
CPI (M)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে বডোফাক স্মৰণ কৰি ক'লে — “মোতকৈ বয়সত সৰু আছিল বডোফা ৷ কিন্তু তেওঁৰ নেতৃত্বতে বড়ো জাতিয়ে প্ৰাণ পাই উঠিল ৷” অখিল গগৈয়ে বডোফাৰ ওপজা দিনটোক ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্তক প্ৰশংসা কৰি ক'লে— “সকলোৱে জানে যে মই সদায় চৰকাৰৰ বিৰোধী ৷ কিন্তু বডোফা উপেন্দ্ৰনাথ ব্ৰক্ষ্মৰ ক্ষেত্ৰত চৰকাৰে লোৱা পদক্ষেপৰ বাবে মই অন্তৰৰ পৰা চৰকাৰক ধন্যবাদ জনাইছোঁ ৷ বডোফাক মই লগ পোৱা নাছিলোঁ। কিন্ত তেওঁৰ সৈতে মোৰ এটা সম্পৰ্ক আছে ৷ সেয়া হ'ল মই কটনত ১৯৯৩ চনত নামভৰ্তি কৰাৰ পিছত মই হোষ্টেলত যিখন বিচনা পাইছিলো; সেইখনত এটা সময়ত শুইছিল উপেন্দ্ৰনাথ ব্ৰক্ষ্ময়ে । বিচনাখনত লিখা আছিল উপেন্দ্ৰনাথ ব্ৰক্ষ্ম বুলি ৷”
Published by: Subham Goswami
FIRST PUBLISHED : March 31, 2023, 22:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।