দেওবাৰে পুুুত্ৰক লগত লৈ জাগীৰোডৰ বৰখাল, কুমাৰবড়ী আদি কেইবাটাও অঞ্চলত বান পৰিদৰ্শন কৰে অসম চৰকাৰৰ জনসম্পদ মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়ক পীয়ুষ হাজৰিকাই ৷
দেওবাৰে পুুুত্ৰক লগত লৈ জাগীৰোডৰ বৰখাল, কুমাৰবড়ী আদি কেইবাটাও অঞ্চলত বান পৰিদৰ্শন কৰে অসম চৰকাৰৰ জনসম্পদ মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়ক পীয়ুষ হাজৰিকাই ৷
জাগীৰোড সমষ্টিৰ নেলী, শিলচাং আৰু দক্ষিণ ধৰমতুলত সংহাৰী ৰূপ ধাৰণ কৰিছে বছৰৰ প্ৰথমটো বানে ৷ নিশাৰ ভিতৰতে প্লাৱিত হৈছে ন ন অঞ্চল ৷ বানত বুৰ গৈছে কেইবা হেক্টৰ কৃষিভূমি ৷ একপ্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বানাক্ৰান্তৰ মাজত ৷
তাৰ মাজতে দেওবাৰে পুুুত্ৰক লগত লৈ জাগীৰোডৰ বৰখাল, কুমাৰবড়ী আদি কেইবাটাও অঞ্চলত বান পৰিদৰ্শন কৰে অসম চৰকাৰৰ জনসম্পদ মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়ক পীয়ুষ হাজৰিকাই ৷ পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীক সংগ দিয়ে মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ লগতে চক্ৰ বিষয়া আৰু দলীয় কৰ্মকৰ্তা সকলে ৷
আনহাতে বানাক্ৰান্ত সকলক নিজাববীয়াকৈ কিছু খাদ্য সামগ্ৰীও বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে৷ জাগীৰোড সমষ্টিৰ ডিমালজানত নিৰ্মীয়মাণ শ্লুইছ গেটটো অহা বছৰ সম্পূৰ্ণ হব আৰু বৃহত্তৰ অঞ্চলটোৰ ৰাইজে সকাহ পাব বুলি মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷
ইফালে বটদ্ৰৱা কাণ্ড চৰকাৰৰ গোপন ইংগিতত সংঘটিত হোৱা বুলি ধিঙৰ বিধায়ক আমিনুল ইছলামে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে “থানা জ্বলাই দিয়া কাৰ্যক আমি সহজভাৱে লব নোৱাৰো ৷ আমিনুল ইছলামে নিজৰ মানুহক বচাবলৈ এনে কথাবতৰা কৈছে ৷ বটদ্ৰৱা কাণ্ড এক পূৰ্বপৰিকল্পিত ঘটনা ৷”
আনহাতে বটদ্ৰৱা কাণ্ডত জৰিত লোকৰ ঘৰ উচ্ছেদ কৰা বিষয়টো অমানৱীয় কাণ্ড বুলি অখিল গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে, “থানা জ্বলাই দিয়াটো অখিল গগৈৰ বাবে মানৱীয় কাণ্ড আৰু উচ্ছেদ চলোৱাটো অমানৱীয় কাণ্ড ৷ অখিল গগৈৰ গাত অসমীয়াৰ তেজ নাই বাবেই এনে আবোল-তাবোল মন্তব্য কৰে ৷”
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|