உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অখিল গগৈয়ে এতিয়ালৈ পোৱা নাই বিধায়কৰ আৱাসগৃহ, বাজেট অধিৱেশনৰ পূৰ্বে আৱাসগৃহৰ ব্যৱস্থা কৰি দিবলৈ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক অনুৰোধ

    অখিল গগৈয়ে এতিয়ালৈ পোৱা নাই বিধায়কৰ আৱাসগৃহ, বাজেট অধিৱেশনৰ পূৰ্বে আৱাসগৃহৰ ব্যৱস্থা কৰি দিবলৈ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক অনুৰোধ

    কাৰাগাৰৰ পৰা মুক্ত হৈ মুকলি আকাশৰ তলতৈ অহা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে শুকুৰবাৰে পুৱাই ৰাওনা হয় নিজ সমষ্টিলৈ।

    কাৰাগাৰৰ পৰা মুক্ত হৈ মুকলি আকাশৰ তলতৈ অহা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে শুকুৰবাৰে পুৱাই ৰাওনা হয় নিজ সমষ্টিলৈ।

    কাৰাগাৰৰ পৰা মুক্ত হৈ মুকলি আকাশৰ তলতৈ অহা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে শুকুৰবাৰে পুৱাই ৰাওনা হয় নিজ সমষ্টিলৈ।

    • Share this:
    ২ মে’ত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিছিল। ফলাফল ঘোষণাৰ দুমাহ হ’ল যদিও এইপৰ্যন্ত অসম বিধানসভাৰ চৰকাৰী আৱাসগৃহ পোৱা নাই শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। বাজেট অধিৱেশনৰ পূৰ্বে বিধায়কৰ আৱাগৃহটোৰ ব্যৱস্থা কৰি দিবলৈ অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক অনুৰোধ জনাইছে বিধায়ক অখিল গগৈয়ে।

    ১২ জুলাইৰ পৰা ১৩ আগষ্টলৈ পঞ্চদশ অসম বিধান সভাৰ পূৰ্ণাংগ বাজেট অধিৱেশন অনুষ্ঠিত হব। নতুন চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশনক লৈ আৰম্ভ হৈছে প্ৰস্তুতি। পঞ্চদশ বিধানসভাৰ ফলাফল ঘোষণা কৰাৰ দুমাহেই হ’ল যদিও এইপৰ্যন্ত বিধায়কৰ আৱাসগৃহ পোৱা নাই শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে।

    আৱাসগৃহ নপোৱাত ক্ষোভিত বিধায়ক অখিল গগৈ। অসন্তুষ্ট হৈ পৰা অখিল গগৈয়ে আগন্তুক বাজেট অধিবেশনৰ পূৰ্বে তেওঁৰ বিধায়কৰ আৱাসগৃহটো দিবলৈ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক অনুৰোধ জনাইছে। দৰাচলতে বিধান সভা সচিবালয়ে পূৰ্বৰ বিধায়ক উৎপল দত্তৰ বাসগৃহটো আবণ্টন দিছে অখিল গগৈক। নিৰ্দিষ্ট বাসগৃহটোত বিগত দহ বছৰে থকা লখিমপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক উৎপল দত্তই আৱাসগৃহটো এইপৰ্যন্ত খালী নকৰাৰ বাবেই অখিল গগৈয়ে ঘৰটো পোৱা নাই বুলি কয়।

    কাৰাগাৰৰ পৰা মুক্ত হৈ মুকলি আকাশৰ তলতৈ অহা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে শুকুৰবাৰে পুৱাই ৰাওনা হয় নিজ সমষ্টিলৈ। কেইটামান দিন সমষ্টিটোত কটোৱাৰ পিছত উভতি আহিয়েই বিধানসভা প্ৰকল্পলৈ আহিব বিধায়ক অখিল গগৈ। অখিল গগৈয়ে বাজেট  অধিৱেশনৰ বাবে কেবাটাও লিখিত প্ৰশ্ন প্ৰস্তুত কৰে।

    অখিল গগৈয়ে মুকলি আকাশৰ তললৈ আহিছে যদিও তেওঁক আকৌ ফিটিং মাষ্টৰ বুলি কয় মন্ত্ৰী পীযুষ হাজৰিকাই। মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে, কাৰোবাক মেনেজ কৰি দীৰ্ঘদিন চিকিৎসালয়ত থকা অখিল গগৈয়ে বিধান সভা আৱাসগৃহ প্ৰকল্পত ইতিমধ্যে দখল কৰিছিল এটা আৱাসগৃহ। পীযুষ হাজৰিকাই লগতে কয় যে তেনে কাম অন্যই কৰিলে গৰিহণাৰ যোগ্য হ’লহেঁতন কিন্তু অখিলে গগৈয়ে কৰিছে বাবে কাৰো ক’তো প্ৰতিক্ৰিয়া নাই।
    Published by:Sanjay Kumar Das
    First published: