உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Akhil Gogoi : কাৰামুক্ত হৈয়ে অখিল গগৈয়ে ল’লে পণ – ‘কোনো দুৰ্নীতিক প্ৰশ্ৰয় নিদিওঁ, প্ৰতি মুহূৰ্তত সমষ্টিৰ হকে কৰিম কাম’

    Akhil Gogoi : কাৰামুক্ত হৈয়ে অখিল গগৈয়ে ল’লে পণ – ‘কোনো দুৰ্নীতিক প্ৰশ্ৰয় নিদিওঁ, প্ৰতি মুহূৰ্তত সমষ্টিৰ হকে কৰিম কাম’

    অখিলৰ মুক্তিৰ লগে লগে দলীয় কৰ্মী–সমৰ্থকৰ মাজত দেখা গ’ল হৰ্ষোল্লাস।

    অখিলৰ মুক্তিৰ লগে লগে দলীয় কৰ্মী–সমৰ্থকৰ মাজত দেখা গ’ল হৰ্ষোল্লাস।

    অখিলৰ মুক্তিৰ লগে লগে দলীয় কৰ্মী–সমৰ্থকৰ মাজত দেখা গ’ল হৰ্ষোল্লাস।

    • Share this:
    অৱশেষত কাৰগাৰৰ পৰা মুক্ত হ’ল বিধায়ক অখিল গগৈ৷ ২০১৯ চনৰ ১২ ডিচেম্বৰত কাৰাবন্দী হৈছিল অখিল গগৈ৷ ‘কা’ আন্দোলনৰ ভৰপক সময়ত ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰিছিল অখিল গগৈক, সেয়া যেন প্ৰায় প্ৰমাণ হ’ল! কিয়নো অখিলৰ বিৰুদ্ধে অনা কোনো এটা গোচৰৰ প্ৰমাণ দিবলৈ সক্ষম নহ’ল এনআইএ৷ সেই সকলোবোৰ গোচৰৰ পৰা মুক্ত হৈ বৃহস্পতিবাৰে কাৰাগাৰৰ পৰা মুক্ত আকাশৰ তললৈ ওলাল অখিল গগৈ৷

    অখিলৰ মুক্তিৰ লগে লগে দলীয় কৰ্মী–সমৰ্থকৰ মাজত দেখা গ’ল হৰ্ষোল্লাস। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা ওলাই অহাৰ সময়ত আবেগিক হৈ পৰিল অখিল গগৈ৷ ষড়যন্ত্ৰমুলকভাৱে জে’লত ৰখা NIAৰ DIGৰ পদত্যাগৰ দাবী অখিল গগৈৰ৷ একে সময়তে দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰো পদত্যাগ দাবী কৰে অখিল গগৈয়ে৷

    শিৱসাগৰবাসীক ধন্যবাদ জনাই অখিল গগৈয়ে ক’লে – বিধায়ক জীৱনৰ প্ৰতিটো মূহুৰ্তত সমষ্টিবাসীৰ হকে কাম কৰিম৷ কোনো দুৰ্নীতিক প্ৰশ্ৰয় নিদিওঁ৷ সকলো দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিম৷ স্বচ্চ–নিকা প্ৰশাসন ব্যৱস্থাৰ হকে কাম কৰিম৷

    জে’লৰ পৰা ওলাই প্ৰথমে অখিল ৰাওনা হয় ‘কা’ আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ডৰ বাসগৃহত। ষ্টেফৰ্ডৰ মাতৃক কিছু সাহায্য কৰাৰ লগতে চিকিৎসাৰ খৰচ বহন কৰিব বুলি কয় অখিল গগৈয়ে।
    Published by:Sanjay Kumar Das
    First published: