অখিল গগৈৰ বিৰুদ্ধে কোনো চাৰ্জশ্বিট দিব নোৱাৰিলে আৰক্ষীয়ে। কোনো তথ্য-প্ৰমাণ দাখিল কৰিবলৈ সক্ষম নহ’ল চাবুৱা আৰক্ষী। ডিব্ৰুগড় আদালতে চাবুৱা থানাৰ গোচৰৰ সন্দৰ্ভত দোষমুক্ত কৰি সম্পূৰ্ণৰূপে ৰেহাই দিয়ে অখিল গগৈক।
আজি ডিব্ৰুগড় জিলাৰ চাবুৱা আৰক্ষী থানাৰ ২৯২/১৯ নম্বৰ গোচৰৰ সন্দৰ্ভত আছিল শুনানি। পুৱাৰে পৰা ডিব্ৰুগড় ন্যায়িক দণ্ডাধীশৰ আদালতত বাহৰ পাতি আছিল অখিল গগৈ। আবেলি পৰ্যন্ত আৰক্ষীয়ে কোনো তথ্য প্ৰমাণ দিব নোৱাৰাৰ লগতে চাৰ্জশ্বিটতো নাই অখিলৰ নাম।
‘কা’ বিৰোধী আন্দোলনৰ সময়ত যিমান সংখ্যক গোচৰ অখিলৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল সকলো ভুৱা বুলি মন্তব্য অখিল গগৈৰ। মুঠ ১৪২টা গোচৰ আৰু ইয়াৰ সাক্ষী প্ৰমাণ নোহোৱাৰ বাবে প্ৰায় ৪০টাত দোষমুক্ত হৈছে অখিল গগৈ। ‘কা’ আন্দোলনৰ সময়ত ১৭টা গোচৰ পঞ্জীয়ন হৈছিল অখিল গগৈৰ বিৰুদ্ধে। অখিল গগৈক অসম আৰক্ষীয়ে মিছাতে দীৰ্ঘদিন হাৰাশাস্তি কৰাৰ অভিযোগ। যিটো গোচৰত অভিযুক্ত কৰা হৈছিল সেই গোচৰৰ চাৰ্জশ্বিটত অখিলৰ নাম নথকাৰ লগতে অখিলৰ বিৰুদ্ধে কোনো তথ্য প্ৰমাণ দিবলৈ সক্ষম নহ’ল। যাৰ বাবে আদালতে সম্পূৰ্ণৰূপে অখিল গগৈক ৰেহাই দিয়ে চাবুৱা থানাৰ গোচৰত।
প্ৰায় ডেৰ বছৰ হাৰাশাস্তি কৰিলে বুলি আদালতৰ পৰা ওলায়েই ক্ষোভ প্ৰকাশ কৰে অখিল গগৈয়ে। অখিল গগৈৰ হৈ বিনামূলীয়া আইনী সাহায্য আগবঢ়োৱা গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰ, অনুজ চেত্ৰী, কৃষ্ণ গগৈ, ৰাহুল শেনচোৱা, পূৰৱী বৰ্মনকো ধন্যবাদ জ্ঞাপন কৰে অখিল গগৈয়ে।
উল্লেখ্য যে, NIAই অখিল গগৈৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ এটাৰ পৰা ইতিমধ্যে মুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল৷ লক্ষণীয় যে ‘কা' আন্দোলনৰ সময়ত উত্তেজিত জনতাই চাবুৱা থানাত আক্রমণ কৰিছিল। থানাখন জ্বলাই দিবলৈয়ো উদ্যত হৈছিল একাংশই। বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহত অগ্নিসংযোগ কৰিছিল। সেই ঘটনাত চাবুৱা থানাই অখিল গগৈ জড়িত থকাৰ অভিযোগ আনি গোচৰ ৰুজু কৰিছিল ৷ কিন্তু আৰক্ষীয়ে আদালতত কোনো ধৰণৰ তথ্য প্ৰমাণ দাখিল কৰিবলৈ সক্ষম নোহোৱাত আদালতে দোষমুক্ত কৰে অখিল গগৈক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|