உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কেন্দ্ৰীয় চৰকাৰে তিনিখন কৃষি আইন বিধেয়ক প্ৰত্যাহাৰ কৰিব বুলি ঘোষণা কৰাৰ পিছতেই অখিল গগৈৰ প্ৰতিক্ৰিয়া, 'এয়া গণতন্ত্ৰৰ জয়'...

    কেন্দ্ৰীয় চৰকাৰে তিনিখন কৃষি আইন বিধেয়ক প্ৰত্যাহাৰ কৰিব বুলি ঘোষণা কৰাৰ পিছতেই অখিল গগৈৰ প্ৰতিক্ৰিয়া, 'এয়া গণতন্ত্ৰৰ জয়'...

    file image

    file image

    কেন্দ্ৰীয় চৰকাৰে তিনিওখন কৃষি আইন বিধেয়ক প্ৰত্যাহাৰ কৰিব আৰু আগন্তুক সংসদ অধিৱেশনত প্ৰয়োজনীয় প্ৰক্ৰিয়া সমূহ সম্পূৰ্ণ কৰা হ'ব। শুকুৰবাৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে এই ঘোষণা কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাইজৰ দলৰ সভাপতি, বিধায়ক অখিল গগৈয়ে এয়া গণতন্ত্ৰৰ জয় বুলি মন্তব্য কৰিছে।

    • Share this:

    শিখসকলৰ পৱিত্ৰ গুৰু নানক জন্মদিৱসৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ডাঙৰ ঘোষণা কৰিছে যে কেন্দ্ৰীয় চৰকাৰে তিনিওখন কৃষি আইন বিধেয়ক প্ৰত্যাহাৰ কৰিব আৰু আগন্তুক সংসদ অধিৱেশনত প্ৰয়োজনীয় প্ৰক্ৰিয়া সমূহ সম্পূৰ্ণ কৰা হ'ব। শুকুৰবাৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে এই ঘোষণা কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাইজৰ দলৰ সভাপতি, বিধায়ক অখিল গগৈয়ে এয়া গণতন্ত্ৰৰ জয় বুলি মন্তব্য কৰিছে।


    স্বৈৰতন্ত্ৰতৰ বিৰুদ্ধে, হিটলাৰী শাসনৰ বিৰুদ্ধে এয়া কৃষক সমাজৰ বৃহৎ জয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ উপৰিও এচামে চৰকাৰৰ ওচৰত হেও নোহোৱা হ'লে কা আইন খনো বাতিল হ'লহেতেন বুলি মন্তব্য কৰিছে অখিল গগৈয়ে।

    উল্লেখযোগ্য যে বিগত বৰ্ষত মোদী চৰকাৰে তিনিখন নতুন কৃষি আইন প্ৰণয়ন কৰিছিল। দেশ জুৰি এই আইনৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ গঢ় লৈ উঠিছিল।
    Published by:Kokil Sarma
    First published: