১ লাখ নিবনুৱাৰ সংস্থাপন ক'ত ? ক'ত, কেতিয়া সংস্থাপন দিব চৰকাৰে ? বিধান সভা চৌহদত প্ৰতিবাদ অখিল গগৈৰ (Akhil Gogoi) ৷ অখিল গগৈৰ দাবী নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ৷
ৰাজ্য চৰকাৰৰ পদ খালী আছে কিন্তু বিত্ত বিভাগে অনুমোদন দিব নোৱাৰে ৷ কিয়নো বিত্তীয় সংকটত অসম, অভিযোগ অখিল গগৈৰ ৷ মুখ্যমন্ত্ৰীয়ে ১ লাখ নিযুক্তি আৰু ২৬ লাখ কৰ্মসংস্থাপন কথা কৈছিল ৷ কিন্তু যোৱাকালি নিয়োগ মেলাত কি হ'ল সকলোৱে দেখিছে ৷ নিয়োগৰ নামত ব্যাপক অনিয়ম ৷ কালিৰ জৱ মেলাত কিমান পদ আছিল সেয়া প্ৰথমে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰক ৷ অন্যথা জনতাৰ মাজত ভেকোভাওনা সৃষ্টি নকৰিবলৈ আহ্বান ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাৰ্টাৰ ফ্লাইডত ঘূৰিলে নহ'ব ৷ ১০ মেৰ ভিতৰত ১ লাখ নিবনুৱাক চাকৰি আৰু ২৬ লাখক কৰ্মসংস্থাপন নিদিলে শান্তি থাকিব দিয়া নহ'ব চৰকাৰক, মন্তব্য অখিল গগৈৰ ৷ ইপিনে ৰাজ্যৰ প্ৰতিখন জিলাত CBSE স্কুল মুকলি কৰা সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ৷ সেয়া কেতিযাও গ্ৰহণযোগ্য নহয় ৷ বিপৰীতে মাতৃভাষাৰ বিদ্যালয় মুকলি কৰক জিলাই জিলাই ৷