গুৱাহাটীৰ পৰা শিৱসাগৰলৈ যোৱাৰ পথত আজি নগাঁও বাইপাছত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ বহু সমৰ্থকে অখিল গগৈক আদৰণি জনায়।
গুৱাহাটীৰ পৰা শিৱসাগৰলৈ যোৱাৰ পথত আজি নগাঁও বাইপাছত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ বহু সমৰ্থকে অখিল গগৈক আদৰণি জনায়।
"পীযূষ হাজৰিকা কোন আপোনালোকে জানেই দেখোন। তেনেকুৱা মানুহৰ প্ৰশ্নৰ উত্তৰ দিয়াটো জানো উচিত হ'ব"- এইদৰে জলসম্পদ আৰু জনসংযোগ বিভাগৰ কেবিনেট মন্ত্ৰী তথা জাগীৰোডৰ বিধায়ক পীযূষ হাজৰিকাক কটাক্ষ কৰে বিধায়ক অখিল গগৈয়ে।
উল্লেখযোগ্য যে কাৰাবন্দী জীৱনৰ পৰা মুক্তিলাভ কৰি প্ৰথমবাৰৰ বাবে নিজ সমষ্টি শিৱসাগৰলৈ যাত্ৰা কৰা বিধায়ক অখিল গগৈক আজি নগাঁও বাইপাছত সাংবাদিকে পীযূষ হাজৰিকাৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত এইদৰে কটাক্ষ কৰে।
গুৱাহাটীৰ পৰা শিৱসাগৰলৈ যোৱাৰ পথত আজি নগাঁও বাইপাছত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ বহু সমৰ্থকে অখিল গগৈক আদৰণি জনায়। সমৰ্থকৰ হৰ্ষোল্লাসৰ মাজত কৃষক নেতাগৰাকীয়ে সাংবাদিকক কয়, "মৰিয়নী সমষ্টিটো ৰূপজ্যোতি কুৰ্মীক এৰি দি আমি সমষ্টিবাসীৰ লগত অন্যায় কৰিলো। কিন্তু এই অন্যায়ৰ প্ৰতিফল ৰূপজ্যোতি কুৰ্মীয়ে এইবাৰ নিৰ্বাচনত লাভ কৰিব।’’
আনহাতে, ২০২৬ত অসমক বিজেপিমুক্ত কৰাৰ হুংকাৰ দি অখিল গগৈয়ে কয়, "২০২৬ত অসমত এখন নতুন চৰকাৰ হ'ব আৰু সেই কাম আমি এতিয়াৰে পৰা আৰম্ভ কৰিছো।"
উল্লেখযোগ্য যে, প্ৰথমবাৰৰ বাবে বিধায়ক হোৱা অখিল গগৈক ৰহা আৰু কৃষ্ণাইঘাটতো সমৰ্থকসকলে আদৰণি জনায়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|