সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয়, ‘‘আপোনালোকে যিজন মানুহৰ কথা কৈছে, তেওঁৰ নাম কৈ প্ৰশ্ন সোধাটোৱে মই ভাৱো ৰাজহুৱা জীৱনত সততাত থকা মানুহ এজনৰ বাবে অপমান।’’
সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয়, ‘‘আপোনালোকে যিজন মানুহৰ কথা কৈছে, তেওঁৰ নাম কৈ প্ৰশ্ন সোধাটোৱে মই ভাৱো ৰাজহুৱা জীৱনত সততাত থকা মানুহ এজনৰ বাবে অপমান।’’
এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে আজি অভিযোগ কৰিছিল যে দল খোলাৰ বাবে অখিল গগৈয়ে বিচাৰিছিল ১০ কোটি টকা। ১০ কোটি নিদিয়াৰ বাবে এআইইউডিএফক সাম্প্ৰদায়িক দল বুলি কয় অখিল গগৈয়ে। পূৰ্বে এআইইউডিএফক সাম্প্ৰদায়িক বুলি কোৱা নাছিল অখিল গগৈয়ে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।
সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয়, ‘‘আপোনালোকে যিজন মানুহৰ কথা কৈছে, তেওঁৰ নাম কৈ প্ৰশ্ন সোধাটোৱে মই ভাৱো ৰাজহুৱা জীৱনত সততাত থকা মানুহ এজনৰ বাবে অপমান। অদৰকাৰী কমিউনেল মানুহ এজন। আজিৰ দিনত অসমৰ ৰাজনীতিত থকা আটাইতকৈ সৎ মানুহজনেই চাগে মই। যিবিলাক মানুহে এইবিলাক কথা কয় সেইবিলাক মানুহৰ লগত আমাৰ তুলনা নহয়। আমি ৰাজহুৱা জীৱনত সদায় সততা আৰু ৰাইজৰ বাবে কাম কৰো। কোনো কমিউনেল পাৰ্টীৰ কাৰণে কাম নকৰো, কোনো কমিউনেল কথা নকওঁ, কেতিয়াও কোনো জাতি–ধৰ্মৰ বিৰুদ্ধে কথা নকওঁ। আমিনুল ইছলাম এজন সাম্প্ৰদায়িক মানুহ, তেওঁক লৈ কিবা ক’ব লাগিব বুলি মই নাভাৱো।’’
মহাজোঁট সন্দৰ্ভত অখিল গগৈয়ে কয়, এআইইউডিএফে যেতিয়ালৈকে মহাজোঁটৰ পৰা আঁতৰি নাযায়, তেতিয়ালৈকে ৰাইজৰ দলে মহাজোঁটত অংশগ্ৰহণ নকৰে। আমাৰ কথাটো একেবাৰে স্পষ্ট যে এআইইউডিএফ এটা সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক দল। বিজেপি যেনেকৈ সাম্প্ৰদায়িক দল, তেনেকুৱা এটা সাম্প্ৰদায়িক দল হ’ল এআইইউডিএফ। সেয়ে এআইইউডিএফ থাকিলে আমি মহাজোঁটত থাকিব নোৱাৰো। এআইইউডিএফক বিদায় দিলে আমি থাকিম।
কিন্তু উপ নিৰ্বাচনৰ ক্ষেত্ৰত যদি কংগ্ৰেছে এআইইউডিএফক বিদায়ো নিদিয়ে তথাপি কংগ্ৰেছে আমাৰ লগত কথা পাতিব পাৰে বুলি মন্তব্য কৰে অখিল গগৈয়ে। অখিল গগৈয়ে কয়, কংগ্ৰেছ দল আৰু আমাৰ মাজত বুজাবুজি হ’ব পাৰে। কংগ্ৰেছে যদি কথা পাতিব বিচাৰে তেন্তে সমষ্টিভিত্তিক আৰু নিৰ্দিষ্ট নিৰ্বাচনভিত্তিক বুজাবুজি হ’ব পাৰে। তাৰ বাহিৰে এআইইউডিএফ দল থাকিলে আমি মিত্ৰতাত থাকিব নোৱাৰো।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|