বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / Akhil Gogoi : বিধানসভাত এনকাউণ্টাৰক লৈ প্ৰশ্ন অখিল গগৈৰ, পীয়ূষ হাজৰিকাই ক'লে- “উত্তৰ দি ভাগৰি পৰিছোঁ”

Akhil Gogoi : বিধানসভাত এনকাউণ্টাৰক লৈ প্ৰশ্ন অখিল গগৈৰ, পীয়ূষ হাজৰিকাই ক'লে- “উত্তৰ দি ভাগৰি পৰিছোঁ”

Akhil Gogoi : বিধানসভাত এনকাউণ্টাৰক লৈ প্ৰশ্ন অখিল গগৈৰ, পীয়ূষ হাজৰিকাই ক'লে- “উত্তৰ দি ভাগৰি পৰিছোঁ”

ভাগৰি শুই গ’লেও প্ৰশ্ন কৰিয়ে থাকিম: অখিল

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

ৰাজ্যত চলা বহু বিতৰ্কিত এনকাউন্টাৰ আৰু ভুৱা এনকাউণ্টাৰক লৈ আজি অসম বিধানসভাত প্ৰশ্ন কৰে বিধায়ক অখিল গগৈয়ে। অখিল গগৈৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পীয়ূষ হাজৰিকাই অসমত এটাও এনকাউণ্টাৰ হোৱা নাই বুলি উত্তৰ দিয়ে ৷ লগতে কেতবোৰ বিষয়ত ভুল কৰা আৰক্ষীৰ বিৰুদ্ধেও ব্যৱস্থা লোৱাৰ কথা সদনত সদৰী কৰে মন্ত্ৰী হাজৰিকাই ৷

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিমটো দিনত আজি বিধায়ক অখিল গগৈয়ে চৰকাৰক প্ৰশ্ন কৰে বৰ্তমানৰ চৰকাৰৰ দিনত আৰক্ষীৰ হাতৰ পৰা কিমান জন অভিযুক্তই পলায়ন কৰিছে? কিমান ভুৱা এনকাউণ্টাৰ হৈছে আৰু কিমানজন অভিযুক্তৰ মৃত্যু হৈছে ৷ মৌখিক প্ৰশ্নৰ কালত সদনত উপস্থিত নাছিল বিধায়ক অখিল গগৈ ৷ অখিল গগৈৰ হৈ সদনত বিধায়ক মনোৰঞ্জন তালুকদাৰে সদনত পৰিপূৰক প্ৰশ্ন কৰে ৷

বিজ্ঞাপন

গৃহমন্ত্ৰীৰ হৈ সদনত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ূষ হাজৰিকাই উত্তৰ দিয়ে ৷ মন্ত্ৰী হাজৰিকাই ক’লে- ”এই বিষয়ত উত্তৰ দি দি ভাগৰি পৰিছোঁ ৷ আৰক্ষীয়ে আত্মৰক্ষাৰ বাবেহে গুলীচালনা কৰে ৷”

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াইও ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত প্ৰশ্ন কৰে ৷

উত্তৰ দিলে মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷ ক’লে— “১৬ আৰক্ষীৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা লৈছে আৰু আৰক্ষীৰ উন্নত প্ৰশিক্ষণৰ চিন্তা কৰিছে চৰকাৰে ৷”

সদনৰ বাহিৰত বিধায়ক অখিল গগৈয়ে পীয়ূষ হাজৰিকাৰ উত্তৰক লৈ ক’লে- “ভাগৰি শুই গ’লেও ভুৱা এনকাউণ্টাৰক লৈ প্ৰশ্ন কৰি যাম ৷”

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন