Akhil Gogoi in Sivasagar: পৌৰসভা নিৰ্বাচনকলৈ তৎপৰ ৰাইজৰ দল। শিৱসাগৰত অখিল গগৈয়ে দি ফুৰিছে প্ৰতিশ্ৰুতি।
হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ কেবিনেট বৈঠকত অহা মাৰ্চৰ ভিতৰত পৌৰসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগক আবেদন জনোৱাৰ পিছতে শিৱসাগৰত তৎপৰ হৈ পৰিছে ৰাইজৰ দল। সমষ্টি চহৰত ব্যস্ত হৈ পৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। ঐতিহাসিক শিৱসাগৰ পৌৰসভা ৰাইৰজৰ দলক উপহাৰ দিলে জনতাৰ বাবে কি কি কাম কৰিব সেই কথাও ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে।
ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে শনিবাৰে শিৱসাগৰ চহৰৰ নপাম গাঁৱৰ ১০ নং আৰু ৯ নং ৱাৰ্ডৰ ষ্ট্ৰীটলাইট সংযোগ আঁচনিৰ শুভাৰম্ভ কৰে। বিধায়ক পুঁজিৰ ১,৪০,৮৮৫ টকা ব্যয়ৰে আৰম্ভ কৰে এই প্ৰকল্প।
এই প্ৰকল্প উদ্বোধন কৰি পৌৰসভাৰ নিৰ্বাচন চমু চাপি অহাত বিজেপি চৰকাৰে ৰাইজৰ দলৰ বিধায়ক গৰাকীৰ কাম কাজত বাধা প্ৰদান কৰাৰ চেষ্টা কৰা বুলি অখিল গগৈয়ে অভিযোগ উত্থাপন কৰে। শিৱসাগৰ জিলা প্ৰশাসন আৰু পৌৰসভাক ঢাল হিচাপে লৈ চৰকাৰে চহৰখনৰ লগতে শিৱসাগৰ সমষ্টিৰ উন্নয়নমূলক কামত বাধা দিছে বুলি অভিযোগ অখিল গগৈৰ ।
যদিহে জনসাধাৰণে অনাগত নিৰ্বাচনত শিৱসাগৰ পৌৰসভা গঠন কৰিবলৈ ৰাইজৰ দলক সুযোগ দিয়ে তেন্তে দুমাহৰ ভিতৰত শিৱসাগৰ সম্পূৰ্ণ পৰিষ্কাৰ কৰিব বুলি প্ৰতিশ্ৰুতি দিছে অখিল গগৈয়ে। ইয়াৰ উপৰিও পৌৰসভা গঠন কৰিলেই ছয়মাহৰ ভিতৰত শিৱসাগৰৰ প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগান ধৰিব বুলি বিধায়ক গৰাকীয়ে প্ৰতিশ্ৰুতি দিছে।
ইপিনে বিধানসভাৰ অধিৱেশনত সৰব ভূমিকা লোৱা বাবেই বৰ্তমান চৰকাৰৰ পৰা কিছু পুঁজি শিৱসাগৰ সমষ্টিৰ উন্নয়নমূলক কামৰ বাবে মোকলাই আনিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে অখিল গগৈয়ে। তেওঁ লগতে বহু কেইটা পথ আৰু মথাউৰি পকীকৰণৰ পৰিকল্পনাৰ বিষয়েও সদৰি কৰে সংবাদ মাধ্যমৰ আগত।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|