অসমৰ ইতিহাসত আটাইতকৈ কম সাহায্য কেন্দ্ৰই এই বছৰ দিছেঃ অখিল গগৈ

News18-Assam
Updated:July 17, 2019, 3:45 PM IST
অসমৰ ইতিহাসত আটাইতকৈ কম সাহায্য কেন্দ্ৰই এই বছৰ দিছেঃ অখিল গগৈ
নৰেন্দ্ৰ মোডীয়ে অসমক অষ্টলক্ষ্মী বুলি কয় কিন্তু দুৰ্যোগৰ সময়ত অসমলৈ এটকাও বিশেষ পুঁজি নিদিয়েঃ অখিল গগৈ

নৰেন্দ্ৰ মোডীয়ে অসমক অষ্টলক্ষ্মী বুলি কয় কিন্তু দুৰ্যোগৰ সময়ত অসমলৈ এটকাও বিশেষ পুঁজি নিদিয়েঃ অখিল গগৈ

  • Share this:
লখিমপুৰত কৃষক নেতা অখিল গগৈৰ সংবাদমেল। ‘অসমৰ বানপীড়িতসকলক তাচ্ছিল্য কৰিলে শ্বেখাৱতে।’–কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতক কটাক্ষ গগৈৰ। ‘নৰেন্দ্ৰ মোডীয়ে অসমক অষ্টলক্ষ্মী বুলি কয় কিন্তু দুৰ্যোগৰ সময়ত অসমলৈ এটকাও বিশেষ পুঁজি নিদিয়ে, অসমৰ ইতিহাসত আটাইতকৈ কম সাহায্য এই বছৰ দিছে, বান সমস্যাক গুৰুত্ব দিয়া নাই কেন্দ্ৰই।’– মন্তব্য কৃষকনেতাগৰাকীৰ।



‘শিশু আৰু পশুক খাদ্য প্ৰদান কৰা নাই চৰকাৰে, Flood Management Projectৰ বাবদ চৰকাৰে ধন নিদিলে, SDRFৰ ২০০.৫৫ কোটি টকা মোকলাই দিব লাগে।’–ঘোষণা অখিল গগৈৰ। NDRFৰ অধীনত অসমলৈ বিশেষ পুঁজিৰ দাবী গগৈৰ। ‘অসমৰ খাৰুৱা তেল, চাহ, চূণশিল, কয়লা ৰাষ্ট্ৰীয় সম্পত্তি হ’লে অসমৰ বান-গৰাখহনীয়া সমস্যা কিয় ৰাষ্ট্ৰীয় সমস্যা নহয় বুলিও প্ৰশ্ন উত্থাপন গগৈৰ। ‘নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আন্দোলন কৰিম,

অৰুণাচল চৰকাৰে যদি বৃহৎ নদীবান্ধ নিৰ্মাণত সহযোগিতা নকৰে অসমলৈ অহা অৰুণাচলৰ সকলো পথ বন্ধ কৰিব কৃষক মুক্তিয়েৃ।’– ঘোষণা কৃষকনেতা অখিল গগৈৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি