বিধানসভাত প্ৰতিটো মিছা কথাৰ মুখ খুলিমঃ অখিল গগৈ
বিধানসভাত প্ৰতিটো মিছা কথাৰ মুখ খুলিমঃ অখিল গগৈ
কাৰামুক্ত হৈ প্ৰথমখন সংবাদমেল সম্বোধন কৰি কৃষক নেতা তথা সিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। লগতে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন স্তব্ধ কৰিবলৈ কিদৰে চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰিছিল সেই সন্দৰ্ভত বহুকেইটা চাঞ্চল্যকৰ মন্তব্য কৰে অখিল গগৈেয়। সংবাদমেলত অখিল গগৈয়ে কয় যে, 'সংগঠনসমূহ আৰু সাধাৰণ ৰাইজৰ মাজত বিভেদ আনি কা আন্দোলন স্থগিত কৰি তুলিলে। নগাঁৱৰ পৰা ৫ লাখ মানুহ কা বাতিলৰ দাবীত গুৱাহাটীলৈ খোজ কাঢ়ি অহাৰ কথা আছিল। চৰকাৰৰ চক্ৰান্তত ভৰি দিলে জাতীয় সংগঠনসমূহে। জাতীয় সংগঠনে অসমীয়া জাতিক বিশ্বাসঘাতকতা কৰিলে। বিশ্বাসঘাতকতাৰ বাবেই কা আন্দোলন বিফল হ'ল।'
মোক গুলীয়াই মৰাৰ নিৰ্দেশ দিয়া হৈছিলঃঅখিল গগৈ
অখিল গগৈৰ আন এক বিস্ফোৰণ, 'মোক গুলীয়াই দিবলৈ কেন্দ্ৰৰ পৰা নিদেৰ্শ আহিছিল।উপায়বিহীন হৈ মই গ্ৰেপ্তাৰ হ'বলৈ বাধ্য হলো। জে'লত মোক তিল তিলকৈ শাস্তি দিছিল।RSS ত যোগদান কৰিলে মোক ১০দিনত মুকলি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। মই ৰাইজক কেতিয়াও বিশ্বাসঘাতকতা কৰিব নোৱাৰো। মই মৰি যাম কিন্তু কেতিয়াও মূৰ তলত নেপেলাও।'
বিধানসভাত প্ৰতিটো মিছা কথাৰ মুখ খুলিম
অখিল গগৈয়ে লগতে কয় যে, 'বিধানসভাত প্ৰতিটো মিছা কথাৰ মুখ খুলিম। অসমত যাতে কা বাতিল হয় তাৰ কাৰণে প্ৰথমে মই মাত মাতিম। অসমক বিশেষ ৰাজ্যৰ মৰ্য্যাদা ঘূৰাই অনাৰ বাবে মাত মাতিম। ৰাইজৰ দলৰ জৰিয়তে কা বাতিল কৰিম। অসমক বিশেষ মৰ্যাদা ঘূৰাই আনিম। বৃহৎ নদীবান্ধ বন্ধ কৰিব লাগিব। চিণ্ডিকেট বন্ধ কৰিম।'
আনহাতে অখিল গগৈ জেলত নথকা হেতেন, বিজেপি চৰকাৰ কেতিয়াও শাসনলৈ নাহিল হেতেন বুলিও সংবাদমেলত মন্তব্য কৰে অখিল গগৈয়ে। সেইদৰে কংগ্ৰেছ দলক AIUDFৰ সৈতে থকা মিতিৰালি শেষ কৰিবলৈও পৰামৰ্শ দিয়ে অখিল গগৈয়ে। গগৈয়ে কয় যে, 'যদি এনেদৰে কংগ্ৰেছ আগবাঢ়ে তেন্তে কংগ্ৰেছে আগন্তুক ৫০ বছৰতো সফলতাৰ মুখ দেখিব নোৱাৰে।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|