• Home
  • »
  • News
  • »
  • assam
  • »
  • 'মনত ৰাখিব, এইবাৰ মই বিধানসভাত আছো,  ১ লাখ চাকৰিত যদি এটাও খেলিমেলি হয়, মই কিন্তু বহি নাথাকো'- প্ৰথমখন সংবাদমেলতে চৰকাৰক সমালোচনা অখিল গগৈৰ

'মনত ৰাখিব, এইবাৰ মই বিধানসভাত আছো,  ১ লাখ চাকৰিত যদি এটাও খেলিমেলি হয়, মই কিন্তু বহি নাথাকো'- প্ৰথমখন সংবাদমেলতে চৰকাৰক সমালোচনা অখিল গগৈৰ

জে'লৰ পৰা মুকলি হৈয়েই সম্বোধন কৰা প্ৰথমখন সংবাদমেলতে বিজেপি চৰকাৰৰ সমালোচনাৰে থকা-সৰকা কৰে অখিল গগৈয়ে।

জে'লৰ পৰা মুকলি হৈয়েই সম্বোধন কৰা প্ৰথমখন সংবাদমেলতে বিজেপি চৰকাৰৰ সমালোচনাৰে থকা-সৰকা কৰে অখিল গগৈয়ে।

জে'লৰ পৰা মুকলি হৈয়েই সম্বোধন কৰা প্ৰথমখন সংবাদমেলতে বিজেপি চৰকাৰৰ সমালোচনাৰে থকা-সৰকা কৰে অখিল গগৈয়ে।

  • Share this:
বৃহস্পতিবাৰে মুকলি আকাশৰ ততলৈ আহিয়েই চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে বিধায়ক অখিল গগৈ। জে'লৰ পৰা মুকলি হৈয়েই সম্বোধন কৰা প্ৰথমখন সংবাদমেলতে বিজেপি চৰকাৰৰ সমালোচনাৰে থকা-সৰকা কৰে অখিল গগৈয়ে। সংবাদমেলৰ জৰিয়তে অখিল গগৈয়ে  কিদৰে তেওঁক বন্দী কৰা হৈছিল, কা আন্দোলন কিদৰে স্তব্ধ হৈ পৰিল এই সকলো বাখ্যা আগবঢ়ায়।

প্ৰথমখন সংবাদমেলতে অখিল গগৈয়ে APSC কেলেংকাৰীৰ সন্দৰ্ভতো চাঞ্চল্যকৰ মন্তব্য কৰে। অখিল গগৈয়ে কয় যে, 'APSCকেলেংকাৰীৰ তদন্ত কৰা ADDLSP গৰাকীৰ ওপৰত তদন্ত হ'ব লাগে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্বকো তদন্তৰ আওতালৈ আনিব লাগে। অসম লোকসেৱা আয়োগ এতিয়াও স্বচ্ছ হোৱা নাই। শেহতীয়া প্ৰিলিমচ পৰীক্ষাৰ ফলাফল ন্যায়ালয়ৰ নিৰ্দেশত তিনিবাৰকৈ দিবলগীয়া হৈছিল।  নিযুক্তিত কেলেংকাৰী হ'লে মই বিধানসভাতো মাত মাতিম। এতিয়া মই বিধানসভাত আছো। নিযুক্তি দিবলগীয়া ১ লাখৰ যদি এটাও খেলিমেলি হয়, মই কিন্তু মনে মনে বহি নাথাকো।'

সংবাদমেলৰ জৰিয়তে অখিল গগৈয়ে লগতে লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা  প্ৰত্যকজন কেৱ চালক, অট চালকক সাহায্য আগবঢ়াবলৈ চৰকাৰক দাবী জনায়। চাকৰি যোৱা পৰিয়াল, বাছৰ গৰাকী, দিন হাজিৰা কৰা লোকসকল, অধিবক্তা ,শিল্পী সকলকো সহায় কৰিবলৈ চৰকাৰক দাবী জনাই শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published: