মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কাৰাগাৰৰ পৰা ওলায়েই সংবাদমেলত বিস্ফোৰণ অখিল গগৈৰ, ক’লে – মই কাৰাগাৰত নথকা হ’লে চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন বিজেপিয়ে

কাৰাগাৰৰ পৰা ওলায়েই সংবাদমেলত বিস্ফোৰণ অখিল গগৈৰ, ক’লে – মই কাৰাগাৰত নথকা হ’লে চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন বিজেপিয়ে

News18 Assam | News18-Assam
Updated:July 1, 2021, 6:49 PM IST
কাৰাগাৰৰ পৰা ওলায়েই সংবাদমেলত বিস্ফোৰণ অখিল গগৈৰ, ক’লে – মই কাৰাগাৰত নথকা হ’লে চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন বিজেপিয়ে
‘কা’ আন্দোলনৰ প্ৰসংগ উত্থাপন কৰি অখিল গগৈয়ে কয়, ‘‘অসমৰ সৰ্বকালৰ ইতিহাস ৰচা আন্দোলন হৈছে ‘কা’ আন্দোলন।’’

‘কা’ আন্দোলনৰ প্ৰসংগ উত্থাপন কৰি অখিল গগৈয়ে কয়, ‘‘অসমৰ সৰ্বকালৰ ইতিহাস ৰচা আন্দোলন হৈছে ‘কা’ আন্দোলন।’’

  • Share this:
আজি কাৰাগাৰৰ পৰা মুক্ত হৈয়ে এখন সংবাদমেলৰ আয়োজন কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। সংবাদমেলত বহু বিস্ফোৰক মন্তব্য আগবঢ়ালে অখিল গগৈয়ে। সংবাদ মেলত অখিল গগৈয়ে কয়, ‘‘২১ত ৰাইজৰ দলৰ সভাপতিক জে’লত ৰাখি চৰকাৰ আহিল।মই কাৰাগাৰত নথকা হ’লে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন। চৰকাৰৰ সাহস থকা হ’লে মোক বাহিৰত ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হ’ব লাগিছিল।’’

‘কা’ আন্দোলনৰ প্ৰসংগ উত্থাপন কৰি অখিল গগৈয়ে কয়, ‘‘অসমৰ সৰ্বকালৰ ইতিহাস ৰচা আন্দোলন হৈছে ‘কা’ আন্দোলন। পৃথিৱীৰ ইতিহাসত হয়তো এনেকুৱা আন্দোলন হোৱা নাছিল। সংগঠনসমূহ আৰু সাধাৰণ ৰাইজৰ মাজত বিভেদ আনি ‘কা’ আন্দোলন স্থগিত কৰিলে। নগাওঁৰ পৰা ৫ লাখ মানুহ ‘কা’ বাতিলৰ দাবীত গুৱাহাটীলৈ খোজ কাঢ়ি অহাৰ কথা আছিল। চৰকাৰৰ চক্ৰান্তত ভৰি দিলে জাতীয় সংগঠনসমূহে। জাতীয় সংগঠনে অসমীয়া জাতিক বিশ্বাসঘাতকতা কৰিলে। বিশ্বাসঘাতকতাৰ বাবেই ‘কা’ আন্দোলন বিফল হ’ল।

চৰকাৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আনি অখিল গগৈয়ে কয় –‘‘মোক গুলীয়াই দিবলৈ কেন্দ্ৰৰ পৰা নিৰ্দেশ আহিছিল। উপায়বিহীন হৈ মই গ্ৰেপ্তাবৰণ কৰিবলৈ বাধ্য হ’লো। জে’লত মোক তিল তিলকৈ শাস্তি দিছিল। RSSত যোগদান কৰিলে মোক ১০ দিনত মুকলি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। মই ৰাইজক কেতিয়াও বিশ্বাসঘাতকতা নকৰো বুলি স্পষ্টভাৱে কৈছিলো।’’

সংবাদমেলত অখিল গগৈয়ে আৰু কয়, ‘‘বিধানসভাত প্ৰতিটো মিছা কথাৰ মুখ খুলিম। অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ বাবে মাত মাতিম। অসমত যাতে ‘কা’ বাতিল হয় তাৰ কাৰণে প্ৰথমে মই মাত মাতিম। ইজৰ দলৰ জৰিয়তে ‘কা’ বাতিল কৰিম।’’

বৃহৎ নদীবান্ধ বন্ধ কৰিব লাগিব বুলি উল্লেখ কৰি সংবাদমেলত বিধায়কগৰাকীয়ে ছিণ্ডিকেট বন্ধ কৰিম বুলিও মন্তব্য কৰে। বিজেপিয়ে কয়লা, চুপাৰি, কণী, মাছৰ ছিণ্ডিকেট চলাইছে বুলি গুৰুতৰ অভিযোগ অখিল গগৈৰ।

APSC কেলেংকাৰীৰ তদন্ত কৰা Addl. SP গৰাকীৰ ওপৰত তদন্ত হ’ব লাগে বুলি মন্তব্য কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো তদন্তৰ আওতালৈ আনিব লাগে কয় অখিল গগৈয়ে। টোলগে’টসমূহো লাহে লাহে বন্ধ কৰিম বুলি সংবাদমেলত মন্তব্য কৰে অখিল গগৈয়ে।

আনহাতে, প্ৰত্যেকজন কেব চালক, অটো চালকক সাহায্য আগবঢ়াবলৈ চৰকাৰক দাবী জনায় অখিল গগৈয়ে। চাকৰি যোৱা পৰিয়াল, বাছৰ গৰাকী, দিন হাজিৰা কৰা লোক, অধিবক্তা, শিল্পীসকলকো ক্ষতিপূৰণ দিবলৈ আহ্বান অখিল গগৈৰ। লকডাউনত ক্ষতিগ্ৰস্ত প্ৰতিজন লোকক ক্ষতিপূৰণ দিবলৈ আহ্বান বিধায়কগৰাকীৰ।

সংবাদমেলত অখিল গগৈয়ে কয়, ‘‘ৰাইজৰ দলৰ প্ৰতিজন সদস্যই কাইলৈৰ পৰা কাম কৰিব লাগিব। ২১ চনৰ ভিতৰত ৰাইজৰ দলক সকলোতকৈ শক্তিশালী দল হিচাপে গঢ়ি তুলিম। মৰিয়নী, গোসাইগাঁও আৰু তামুলপুৰৰ উপ–নিৰ্বাচনত ৰাইজৰ দল অৱতীৰ্ণ হ’ব।’’

কংগ্ৰেছৰ ভুল নীতিৰ বাবেই বিজেপি চৰকাৰ আহিল বুলি মন্তব্য কৰি অখিল গগৈয়ে কয় যে AIUDFৰ লগত থাকিলে অহা ৫০ বছৰলৈ কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰে।
Published by: Sanjay Kumar Das
First published: July 1, 2021, 6:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি