৮২৩গৰাকী বিদেশীক মুকলি কৰি দিয়াৰ চৰকাৰী প্ৰস্তাৱক ভৰ্ৎসনা অখিল গগৈৰ

ৰাজ্যত বিদেশী বুলি ঘোষিত ৮২৩ গৰাকী বন্দীক মুকলি কৰি দিয়াৰ বাবে ৰাজ্যৰ মুখ্য সচিব আলোক কুমাৰে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰি প্ৰস্তাৱ দিয়াক লৈ কঠোৰ সমালোচনা অখিল গগৈৰ

news18assam
Updated:April 26, 2019, 4:54 PM IST
৮২৩গৰাকী বিদেশীক মুকলি কৰি দিয়াৰ চৰকাৰী প্ৰস্তাৱক ভৰ্ৎসনা অখিল গগৈৰ
ৰাজ্যত বিদেশী বুলি ঘোষিত ৮২৩ গৰাকী বন্দীক মুকলি কৰি দিয়াৰ বাবে ৰাজ্যৰ মুখ্য সচিব আলোক কুমাৰে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰি প্ৰস্তাৱ দিয়াক লৈ কঠোৰ সমালোচনা অখিল গগৈৰ
news18assam
Updated: April 26, 2019, 4:54 PM IST
বৃহস্পতিবাৰে ৰাজ্যত বিদেশী বুলি ঘোষিত ৮২৩ গৰাকী বন্দীক মুকলি কৰি দিয়াৰ বাবে ৰাজ্যৰ মুখ্য সচিব আলোক কুমাৰে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰি প্ৰস্তাৱ দিয়াক লৈ কঠোৰ সমালোচনা অখিল গগৈৰ। ভয়ংকৰ প্ৰস্তাৱ দি দাখিল কৰা শপতনামা সংবিধানবিৰোধী আখ্যা দিলে কৃষক নেতাজনে। এক সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে ক’লে অসমীয়া জাতিক হত্যা কৰা এই শপতনামা। বিদেশীক খেদি পঠিওৱাৰ কথা সংবিধানত উল্লেখ আছে, মুকলি কৰি দিয়াৰ কোৱা কথাটো হাস্যকৰ। ৮২৩জন বিদেশী ঘোষিত লোক ডিটেনচন কেম্পত আছে। ৫ লাখ টকা আমানত ধন লৈ মুকলি কৰি দিব খোজা কথাটো সঁচাকৈয়ে হাস্যকৰ। বিজেপি চৰকাৰ বিদেশীৰ পক্ষত থকা চৰকাৰ। সংবাদমেলত ক’লে অখিল গগৈয়ে।

অখিলৰ দাবী – নাগৰিকত্ব সংশোধনী বিধেয়ক আনি অসমক বিদেশীৰ চৰা পথাৰ কৰিব বিচাৰিছে চৰকাৰে। ৯২,৩৩৮জন বিদেশীক নাগৰিকত্ব প্ৰদান কৰিলে অসমত চৰকাৰ নথকাটোকে প্ৰমাণ কৰিব, বিজেপি চৰকাৰেই সৰ্বাধিক কম বিদেশী খেদিছে। ৩ বছৰত ৪জন বিদেশীক খেদিছে, ১৯৫২ চনৰ পৰা ১৯৮৩ চনলৈকে মুঠ ৩ লাখ ২১ হাজাৰ ৮৩১জন বিদেশীক খেদা হৈছিল। ১৯৮৫ৰ পৰা ১৯৯০লৈকে মাত্ৰ ৫২১জন, বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে ১৩১জন, ১৯৯৬ চনৰ পৰা ২০০০ চনৰ ভিতৰত ৪৩১জন বিদেশী, ২০০১ৰ পৰা ২০০৬লৈ ৯৪গৰাকী বিদেশী, ২০০৬ চনৰ পৰা ২০১২ চনলৈ খেদিলে ২২১জন বিদেশী। অসম গণ পৰিষদ অহাৰ পিছত বিদেশী খেদাৰ সংখ্যা কমিল। মোদী চৰকাৰৰ দিনত কেৱল চাৰিজনক বিতাড়ন। ৯৩৮জন ডিটেনচন কেম্পত আছে, ইয়াৰে ৮২৩জন ঘোষিত বিদেশী। ৮২৩গৰাকী বিদেশীক মুকলি কৰি দিয়াৰ বাবে শপতনামা দাখিল কৰিছে চৰকাৰে। ৯২ হাজাৰ বিদেশী সন্ধানহীন। এই তথ্যই প্ৰমাণ কৰিছে বিজেপিয়ে কেতিয়াও নেখেদে বিদেশী। সংবাদমেলত এই মন্তব্য কৃষক নেতা অখিল গগৈৰ। ১৯৭১ৰ ২৪ মাৰ্চৰ পিছত অহা সকলো বিদেশীক চৰকাৰে খেদিবই লাগিব বুলি দাবী তুলিলে কৃষক নেতাজনে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত অসম চৰকাৰৰ হৈ শপতনামা দাখিল কৰা মুখ্য সচিব আলোক কুমাৰক তীব্ৰ ভৰ্ৎসনা কৰিছিল মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। ইয়াৰ পিছতে সংবাদমেলত মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টা শান্তনু ভৰালীয়ে প্ৰকাশ কৰিছিল চৰকাৰৰ শপতনামাত উল্লেখ কৰা আন এক বিস্ফোৰক তথ্য। এই তথ্য অনুসৰি যোৱা ৬ বছৰত এক লাখ বিদেশী অসমৰ পৰা সন্ধানহীন হৈছে আৰু এই সময়ছোৱাত মাত্ৰ ৪জন বিদেশীকহে বিতাৰণ কৰা হৈছে।

সংবাদমেলত অখিল গগৈয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে চলা ষড়যন্ত্ৰক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ৰঞ্জন গগৈৰ বিৰুদ্ধে কোনেও যাতে ষড়যন্ত্ৰ নৰচে তাৰ বাবে সকলোকে সকীয়নি কৃষক নেতা অখিল গগৈৰ। যদিহে বিজেপি চৰকাৰে ষড়যন্ত্ৰ ৰচিছে তেন্তে তেওঁলোককো তাৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিলে কৃষক নেতাজনে।
আৰু চাওক পৰৱৰ্তী বাতৰি