কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ অসুস্থ মাতৃক আজি অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত বিশেষজ্ঞ চিকিৎসকৰ এটা দলে ঘৰতে স্বাস্থ্য পৰীক্ষা কৰে। অখিল গগৈৰ ৮৩ বছৰীয়া বৃদ্ধা মাতৃ প্ৰিয়দা গগৈ উচ্চ ৰক্তচাপ, মধূমেহ, চকুৰ ছানি পৰা ৰোগ, ভৰিৰ বিষকে ধৰি একাধিক ৰোগত আক্ৰান্ত হৈ আছে। বৰ্তমান প্ৰিয়দা গগৈ যোৰহাট জিলাৰ মৰিয়নীৰ চেলেংহাট লুখুৰাখন গাঁৱৰ নিজা বাসগৃহত শয্যাগত অৱস্থাত আছে।
আনহাতে, আজি যোৰহাট জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অমিত কুমাৰ শইকীয়াই অসম চৰকাৰৰ পৰা পোৱা এক জৰুৰী নিৰ্দেশ অনুসৰি প্ৰিয়দা গগৈৰ স্বাস্থ্য পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসকৰ দলটো প্ৰেৰণ কৰে। মেডিচিন বিভাগৰ চিকিৎসক তথা সহযোগী অধ্যাপিকা ডাঃ কল্পনা চেতিয়া, চকু বিশেষজ্ঞ ডাঃ অম্লান জ্যোতি শৰ্মা কাশ্যপ আৰু অস্থি বিশেষজ্ঞ ডাঃ বিশ্বজিৎ শইকীয়াৰ দ্বাৰা গঠিত চিকিৎসকৰ দলটোৱে অখিল মাতৃৰ স্বাস্থ্য তন্ন তন্নকৈ পৰীক্ষা কৰি ঔষধ প্ৰদান কৰে।
চিকিৎসকৰ দলটোৱে প্ৰিয়দা গগৈৰ চকুৰ অস্ত্ৰোপচাৰ কৰিব লাগিব বুলি জানিবলৈ দিয়াৰ লগতে উপযুক্ত চিকিৎসাৰ বাবে শীঘ্ৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হ'বৰ বাবে পৰামৰ্শ আগবঢ়ায়। প্ৰিয়দা গগৈয়ে চিকিৎসকৰ দলটোৰ আগত পুত্ৰ অখিল কাৰাগাৰৰ পৰা মুক্ত হৈ আহিলেই চকুৰ অস্ত্ৰোপচাৰ কৰাম বুলি নিজৰ মনোভাৱ ব্যক্ত কৰে। বিশেষজ্ঞ চিকিৎসকৰ দলটোক সহযোগিতা আগবঢ়ায় নকছাৰী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী ৰাকেশ কোঁৱৰ আৰু পুস্প কাকতিয়ে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : July 23, 2020, 17:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।