মুখ্যপৃষ্ঠা »খবৰ »অসম »মোৰ ল’ৰা অখিল সোণৰ দৰে, তাক অকণমান চাওঁ চাওঁ লাগিছে – কান্দি কান্দি ক’লে অখিল গগৈৰ মাতৃয়ে

মোৰ ল’ৰা অখিল সোণৰ দৰে, তাক অকণমান চাওঁ চাওঁ লাগিছে – কান্দি কান্দি ক’লে অখিল গগৈৰ মাতৃয়ে

যোৰহাট জিলাৰ চেলেংহাট লুসুৰাখন গাঁৱত অকলে থকা মাতৃৰ হৃদয় হাহাকাৰ কৰি উঠিছে পুত্ৰৰ চিন্তাত।

যোৰহাট জিলাৰ চেলেংহাট লুসুৰাখন গাঁৱত অকলে থকা মাতৃৰ হৃদয় হাহাকাৰ কৰি উঠিছে পুত্ৰৰ চিন্তাত।

যোৰহাট জিলাৰ চেলেংহাট লুসুৰাখন গাঁৱত অকলে থকা মাতৃৰ হৃদয় হাহাকাৰ কৰি উঠিছে পুত্ৰৰ চিন্তাত।

  • Share this:
সাতমাহে কাৰবন্দী হৈ আছে কৃষক নেতা অখিল গগৈ। পুত্ৰ জে’লৰ পৰা মুকলি অহালৈ মাতৃয়ে অধীৰ হৈ আশাৰে বাট চাই আছে। প্ৰতিদিনেই নেদেখাজনক কাকুতি কৰিছে। যাতে পুত্ৰ অখিল মুক্ত হৈ তেওঁৰ কাষলৈ আহে। শেহতীয়াকৈ কাৰাগাৰৰ ভিতৰতে অখিল গগৈৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটা বুলি খবৰ আহিছে। অখিল গগৈৰ দেহত মহামাৰী কোভিড-১৯ ভাইৰাছৰ লক্ষণ দেখা দিয়া বুলি চৰ্চিত হৈছে। ছ'চিয়েল মিডিয়াত বহুজনে অখিল গগৈক মুকলি কৰি দিবলৈ চৰকাৰক দাবী জনাইছে। কিন্ত পৰিয়ালৰ লোকে পোৱা নাই কাৰাগাৰৰ ভিতৰত অখিল গগৈ বৰ্তমান কেনে অৱস্থাত আছে তাৰ খবৰ।

যোৰহাট জিলাৰ চেলেংহাট লুসুৰাখন গাঁৱত অকলে থকা মাতৃৰ হৃদয় হাহাকাৰ কৰি উঠিছে পুত্ৰৰ চিন্তাত। তেওঁ কাক ক'ব কোনে শুনিব। বাৰে বাৰে পদুলি মুখলৈ চাই আছে কিজানি পুত্ৰ জে’লৰ পৰা মুকলি হৈ অহাৰ খবৰ কোনোবাই দিয়েহি। হাজাৰ ধুমুহাৰ মাজতো অলৰ অচৰ হৈ থাকিব পৰা দৃঢ়মনা মানুহগৰাকী যেন হতাশ হৈ পৰিছে। প্ৰচণ্ড ক্ষোভত অখিল গগৈৰ মাতৃয়ে কয় – 'বাৰে বাৰে তাক মিছা অপবাদ দি জে’লত ভৰাই ৰাখিছে। অখিলক মাৰিবই বিচাৰিছে যদি মাৰি পেলাওক। সি মৰিলে চৰকাৰে দোষী হ'ব। মোৰ দেহাটো একেবাৰে নাইকীয়া হৈ গ'ল।’

প্ৰিয়দা গগৈয়ে চকুপানী টুকি থোকা থুকি মাতেৰে কৈ গ'ল- 'মোৰ লৰা অখিল সোণৰ দৰে।সেই সোণক সিহঁতে কেনেকৈ ৰাখিছে। তাক অকণমান চাওঁ চাওঁ লাগিছে। সি কেতিয়াও বেয়া কাম নকৰে। সি ৰাইজৰ ভালৰ কাৰণে সদায় মাত মাতি আহিছে। তাক সিহঁতেহে দেশদ্ৰোহী সজাইছে। মাক এজনীৰ দুখ নুবুজিলে। মোৰ অখিলক মুকলি কৰি দিয়ক। ঘৰৰ ল'ৰা ঘৰলৈ আহক। সিহঁতৰে জয় হওক।’

শেহতীয়া বাতৰি