এবছৰতকৈও অধিক দিন কাৰাবন্দী হৈ থকা কৃষক নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ শাৰীৰিক অৱস্থা শেহতীয়াকৈ অতি সংকটজনক হৈ পৰিছে। ৮০ৰ ঊৰ্ধ্বৰ অখিলৰ মাতৃ দীৰ্ঘদিনে মধুমেহ, হৃদৰোগ, চকুত চানি পৰা ৰোগ লগতে ককাল আৰু মাংসপেশীৰ বিষত আক্ৰান্ত হৈ আছে। আনহাতে যোৱানিশাৰ পৰা প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে। পুৱতিনিশাৰ পৰা প্ৰিয়দা গগৈৰ একাধিক বাৰ শৌচ-বমি হোৱা লগতে শৰীৰ একেবাৰে দুৰ্বল হৈ পৰে।
"মই আৰু বাচি নাথাকিম, শেষবাৰৰ বাবে মোৰ সোনটোৰ মুখখন চাবলৈ মন গৈছে"– এইদৰে শয্যাশায়ী প্ৰিয়দা গগৈয়ে পুত্ৰ বিচাৰি উচুপি উঠিছে। আনহাতে প্ৰিয়দা গগৈৰ দৃষ্টিশক্তিও সম্পূূূূৰ্ণ ৰূপে লোপ পোৱা বুলি জানিব পৰা গৈছে। আজি পুৱা গুৰুতৰভাৱে অসুস্থ প্ৰিয়দা গগৈক এখন এম্বুুুুলেন্সৰ যোগেদি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে পৰিয়ালৰ লোকে।
উল্লেখযোগ্য যে কাৰাৰুদ্ধ হৈ থকা পুুুুত্ৰ অখিল গগৈৰ মুুক্তিৰ কামনা কৰি বৃদ্ধা মাতৃৃ প্ৰিয়দা গগৈয়ে বিভিন্ন সময়ত চৰকাৰক কাকুুতি–মিনতি কৰি অহা লগতে নামঘৰত চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিছিল। অখিল মাতৃৃ প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ অৱস্থাই অঞ্চলবাসীৰ লগতে কৃষক মুুুক্তি আৰু ৰাইজৰ দলৰ কৰ্মকতাসকলক উদ্বিগ্ন কৰি তুলিছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 09, 2021, 16:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।