চিকিৎসকে প্ৰিয়দা গগৈক পৰীক্ষা কৰাৰ পিছত বিশেষ চিন্তাৰ কাৰণ নোহোৱাত বিয়লি ঘৰলৈ যাবলৈ দিয়ে।
চিকিৎসকে প্ৰিয়দা গগৈক পৰীক্ষা কৰাৰ পিছত বিশেষ চিন্তাৰ কাৰণ নোহোৱাত বিয়লি ঘৰলৈ যাবলৈ দিয়ে।
সোমবাৰে AJPৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈক সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত আজি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মাতৃকো অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হয় স্বাস্থ্য পৰীক্ষাৰ বাবে।
মধুমেহ, উচ্চ ৰক্তচাপ আৰু কিডনীৰ সমস্যাত ভুগি থকা প্ৰিয়দা গগৈয়ে আজি স্বাস্থ্যৰ কিছু সমস্যাৰ সন্মুখীন হোৱাত পৰিয়ালৰ লোকে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ লৈ যায়। মহাবিদ্যালয়খনৰ বিশেষজ্ঞ চিকিৎসকে প্ৰিয়দা গগৈক পৰীক্ষা কৰাৰ পিছত বিশেষ চিন্তাৰ কাৰণ নোহোৱাত বিয়লি ঘৰলৈ যাবলৈ দিয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|