এবছৰে কাৰাবন্দী হৈ আছে কৃষক নেতা অখিল গগৈ। ইটোৰ পাছত সিটো নতুন গোচৰ জাপি দেশদ্ৰোহী সজাই অখিল গগৈক এবছৰে বন্দী কৰি ৰাখিছে বিজেপি চৰকাৰে। আনহাতে, কৃষক নেতাগৰাকীৰ জামিনৰ শুনানি সম্পূৰ্ণ হোৱাৰ পিছতো ন্যায়ালয়ে ৰায় নিদিয়াত এতিয়া যেন অখিলৰ মুক্তিৰ প্ৰতীক্ষাত নিতৌ বাট চাই ৰোৱা অখিলৰ ৰুগীয়া বৃদ্ধা মাতৃও হতাশ হৈ পৰিছে। নিজ পুত্ৰক বিনা দোষত কাৰাবন্দী কৰি ৰখা বুলি বিশ্বাস কৰা অখিল মাতৃয়ে ভাৰতৰ ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখি অখিলক মুক্তি দিব বুলি নিতৌ পৰম আশাৰে বাট চাই আহিছে। কিন্ত অখিলৰ জামিনৰ শুনানি শেষ হোৱাৰ পিছতো আজিপৰ্যন্ত মাতৃৰ আশা পুৰণ কৰি অখিল মুকলি আকাশলৈ নাহিল।
হাজাৰ ধুমুহাইও পিষ্ট কৰিব নোৱাৰা দৃঢ়মনা সাহসী ৮০ ঊৰ্ধ্বৰ প্ৰিয়দা গগৈৰ বাবে যেন এতিয়া ভগবানেই শেষ ভৰসা হৈ পৰিছে। সোমবাৰে সন্ধিয়া ৰুগীয়া দেহাৰে অখিলৰ মাতৃ প্ৰিয়দা গগৈয়ে মৰিয়নীৰ চেলেংহাট লুখুৰাখন গাঁৱৰ নামঘৰৰ গুৰু আসনৰ সন্মুখত এগছি বন্তি জ্বলোৱাৰ লগতে অখিলৰ মুক্তি কামনাৰে ভগৱন্তৰ ওচৰত কাতৰ প্ৰাৰ্থনা জনায়।
সাংবাদিকৰ আগত অখিল মাতৃয়ে কয়, "মোৰ অখিলে একো দোষ কৰা নাই। বিনা দোষত ইমান কষ্ট দিছে ল’ৰাটোক। অকলশৰীয়া বিধৱা মাতৃৰ কাষৰ পৰা ল’ৰাটোক সিহঁতে আঁতৰাই ৰাখি যি শাস্তি দিছে তাৰ ফল এদিন সিহঁতেও ভুগিব লাগিব।" ইপিনে উচ্চ ৰক্ত চাপৰ লগতে মধুমেহ ৰোগত আক্ৰান্ত অখিল মাতৃ প্ৰিয়দা গগৈৰ পুত্ৰৰ কাৰামুক্তিৰ চিন্তাতে স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 05, 2021, 09:01 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।