মুখ্যপৃষ্ঠা »খবৰ »অসম »Priyada Gogoi Celebrates Akhil's Release : মুকলি আকাশৰ তললৈ আহিল অখিল গগৈ, কেক কাটি মাতৃ প্ৰিয়দা গগৈয়ে প্ৰকাশ কৰিলে মুক্তিৰ আনন্দ। 

Priyada Gogoi Celebrates Akhil's Release : মুকলি আকাশৰ তললৈ আহিল অখিল গগৈ, কেক কাটি মাতৃ প্ৰিয়দা গগৈয়ে প্ৰকাশ কৰিলে মুক্তিৰ আনন্দ। 

প্ৰিয়দা গগৈয়ে কয়, "অখিলৰ মুক্তিৰ বাবে নিতৌ পুৱা গধুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ। এতিয়া ঘৰৰ ল'ৰা ঘৰলৈ আহি শিৱসাগৰ সমষ্টিৰ লগতে ৰাজ্যখনৰ বাবে কাম কৰিব লাগিব অখিলে।"

  • Share this:
কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ NIAৰ গোচৰত দোষমুক্ত হৈ কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ অহাৰ বাতৰি বিয়পি পৰাৰ লগে লগে অখিল গগৈৰ গৃহভূমি মৰিয়নিৰ চেলেংহাট লুসুৰাখনবাসী উৎফুল্লিত হৈ পৰে। বিধায়ক অখিল গগৈৰ গৃহ গাঁও লুসুৰাখনত দেখিবলৈ পোৱা গ'ল কেৱল আনন্দৰ বন্যা। নিজৰ জেষ্ঠ কন্যাই অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ কথা মাতৃ প্ৰিয়দা গগৈক অৱগত কৰাৰ পিছতে এক আবেগিক পৰিৱেশৰ সৃষ্টি হয় বিধায়ক অখিল গগৈৰ লুসুৰাখনস্থিত বাসগৃহত।

ন্যায়লয়ৰ ৰায়ক আদৰণি জনাই অখিল মাতৃ প্ৰিয়দা গগৈয়ে কয় যে "সত্যৰ সদায় জয়।আজি সততাৰ জয় হৈছে। মোৰ বিশ্বাস আছিল তাৰ ওপৰত।  চৰকাৰে মিছা গোচৰ জাপি দি তাক জে'লত  ৰাখিছিল। আজি সি জেলৰ পৰা ওলোৱা কাৰণে মই আনন্দ পাইছো। মই তাক দেশ আৰু জাতিৰ কাৰণে সদায় কাম কৰিবলৈ ক'ম। সি সোণৰ অসম গঢ়ক তাকে কামনা কৰিছোঁ।"

মাতৃ প্ৰিয়দা গগৈয়েই পুত্ৰৰ মুক্তিৰ আনন্দত গাঁওবাসীৰ সৈতে কেক কাটি আনন্দ প্ৰকাশ কৰে। ইফালে অখিল গগৈ মুকলি হোৱাৰ পিছত মৰিয়নিৰ চেলেং লুসুৰাখন গাঁওবাসী উৎফুল্লিত হৈ  আতচবাজী কৰি অখিল গগৈ জিন্দাবাদ ধ্বনিৰে চেলেংহাটৰ আকাশ-বতাহ কঁপাই তোলে।

অখিলৰ মুক্তিৰ বাবে মাহৰ পিছত মাহ অপেক্ষা কৰি কেতিয়াবা আইনৰ ওপৰত কিঞ্চিত হ'লেও আস্থাহীন হৈ পৰিছিল যদিও আজিৰ ৰায়দানৰ পিছত নিজৰ সন্তুষ্টি প্ৰকাশ কৰি প্ৰিয়দা গগৈয়ে কয়,  "অখিলৰ মুক্তিৰ বাবে নিতৌ পুৱা গধুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ। এতিয়া ঘৰৰ ল'ৰা ঘৰলৈ আহি শিৱসাগৰ সমষ্টিৰ লগতে ৰাজ্যখনৰ বাবে কাম কৰিব লাগিব অখিলে।"

শেহতীয়া বাতৰি