• Home
  • »
  • News
  • »
  • assam
  • »
  • Akhil Gogoi Met Prashant Kishore: অখিল গগৈৰ বিজেপি হটাও অভিযান; দিল্লীত সাক্ষাৎ কৰিলে প্ৰশান্ত কিশোৰক 

Akhil Gogoi Met Prashant Kishore: অখিল গগৈৰ বিজেপি হটাও অভিযান; দিল্লীত সাক্ষাৎ কৰিলে প্ৰশান্ত কিশোৰক 

৩০ আগষ্টৰ পৰা অখিল গগৈ (Akhil Gogoi)য়ে কংগ্ৰেছ (Congress), আম আদমী পাৰ্টী (AAP), ৰাষ্ট্ৰীয় জনতা দল (RJD), ডিএমকে (DMK), ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টী আদি বিৰোধী দলৰ নেতাসমূহৰে আলোচনাত মিলিত হ'ব।

৩০ আগষ্টৰ পৰা অখিল গগৈ (Akhil Gogoi)য়ে কংগ্ৰেছ (Congress), আম আদমী পাৰ্টী (AAP), ৰাষ্ট্ৰীয় জনতা দল (RJD), ডিএমকে (DMK), ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টী আদি বিৰোধী দলৰ নেতাসমূহৰে আলোচনাত মিলিত হ'ব।

৩০ আগষ্টৰ পৰা অখিল গগৈ (Akhil Gogoi)য়ে কংগ্ৰেছ (Congress), আম আদমী পাৰ্টী (AAP), ৰাষ্ট্ৰীয় জনতা দল (RJD), ডিএমকে (DMK), ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টী আদি বিৰোধী দলৰ নেতাসমূহৰে আলোচনাত মিলিত হ'ব।

  • Share this:
এইবাৰ কলিকতাত নহয়; নতুন দিল্লীত ৰাজনৈতিক কুচ-কাৱাজ চলাইছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ (Akhil Gogoi)য়ে।দীঘলীয়া কাৰ্যসূচীৰে শুকুৰবাৰে দিল্লীত উপস্থিত হৈছিল অখিল গগৈ । প্ৰায় এসপ্তাহৰ কাৰণে দিল্লীত থাকিব অখিল গগৈ । News18ৰে দেওবাৰে হোৱা এক টেলিফোনিক বার্তালাপত শিৱসাগৰৰ বিধায়কজনে নিৰ্বাচন ৰণকৌশলবিদ প্ৰশান্ত কিশোৰ (Prashant Kishore)ক সাক্ষাৎ কৰাৰ কথা সদৰী কৰে । তেওঁ জনোৱা মতে শনিবাৰে বিয়লি এক বজাৰ পৰা চাৰি বজালৈ প্ৰশান্ত কিশোৰৰ সৈতে এক আলোচনাত মিলিত হয়। এই আলোচনাত মূলতঃ আগন্তুক নিৰ্বাচনসমূহৰ ৰণকৌশল সন্দৰ্ভত বিস্তৰ আলোচনা কৰা হয় ।

উল্লেখযোগ্য যে বৈঠকত পুনৰ প্ৰশান্ত কিশোৰে অখিল গগৈক তৃণমূল কংগ্ৰেছ (TMC) যোগদান কৰি অসমৰ দায়িত্ব ল’বলৈ প্ৰস্তাৱ দিয়ে । গগৈয়ে জনোৱা মতে এই প্ৰস্তাৱ তেওঁ অস্বীকাৰ কৰিছে । তেওঁ কয়- "ৰাইজৰ দল ভংগ কৰি তৃণমূল কংগ্ৰেছত মই যোৱাৰ প্রশ্নই নাহে বা ৰাইজৰ দলৰ তৃণমূলত চামিলৰো অৱকাশ নাই।" এই মাহতে গগৈয়ে কলিকতাত তৃণমূলৰ মুৰব্বী মমতা বেনাৰ্জী (Mamata Banerjee)ক কেইবাবাৰো লগ ধৰিছিল । মমতা বেনাৰ্জীয়েও গগৈকএকাই প্রস্তাৱ আগবঢ়াইছিল ।

আনহাতে ৩০ আগষ্টৰ পৰা অখিল গগৈয়ে দিল্লীত বিৰোধী দলসমূহৰ নেতৃত্বকো সাক্ষাৎ কৰিব। তেওঁ কয়, "কাইলৈৰ পৰা মই কংগ্ৰেছ (Congress), আম আদমী পাৰ্টী (AAP), ৰাষ্ট্ৰীয় জনতা দল (RJD), ডিএমকে (DMK), ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টী আদি দলৰ নেতাক সাক্ষাৎ কৰিবলৈ আৰম্ভ কৰিম।“

আম আদমী পাৰ্টীৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালকো সাক্ষাৎ কৰিব গগৈয়ে । আন্না হাজাৰেৰ আন্দোলনৰ সময়ত অখিল আৰু কেজৰীৱাল   যথেষ্ট ঘনিষ্ঠ আছিল । কিন্তু পিছত কেজৰীৱালে নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ কৰাৰ কাৰ্যক বিৰোধিতা কৰিছিল গগৈয়ে । তাৰ পিছত দুয়োৰে মাজত দূৰত্ব বৃদ্ধি পাইছিল । তেতিয়াই কেজৰীৱালে অখিলক আম আদমী পাৰ্টীৰ অসমৰ দায়িত্ব প্রদান কৰিব বিচাৰিছিল । অখিলে সেই প্রস্তাৱো অস্বীকাৰ কৰিছিল ।

অন্যহাতেদি অখিল গগৈয়ে দিল্লীত যোগেন্দ্ৰ যাদৱ আৰু তেওঁৰ আন আন পুৰণি আন্দোলনকাৰী সতীৰ্থকো সাক্ষাৎ কৰা বুলি জানিব পৰা গৈছে ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি