আজিৰ দিনটোতে অখিল গগৈক লগ কৰিবলৈ শিৱসাগৰৰ পৰাও বহু সংখ্যক লোক আহি গোট খালেহি অখিল গগৈৰ যোৰহাটৰ বাসগৃহত।
আজিৰ দিনটোতে অখিল গগৈক লগ কৰিবলৈ শিৱসাগৰৰ পৰাও বহু সংখ্যক লোক আহি গোট খালেহি অখিল গগৈৰ যোৰহাটৰ বাসগৃহত।
'মই কেতিয়াও MLA হোৱাৰ কথা ভবা নাছিলো। কেতিয়াও মই নিজকে বিধায়ক বুলি নাভাবো। মই জেলত থকাৰ সময়তো ৰাইজে মোক জিকাইছে। শিৱসাগৰবাসীৰ ৰাইজৰ প্ৰকৃত যি উন্নয়নৰ আকাংক্ষা, সেয়া মই পূৰণ কৰিবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিম। মোক কেতিয়াও MLAৰ ভেমত বা MLAৰ দুৰ্নীতিত, দুই নম্বৰী কামত মোক নাপাব। মোৰ যি সংগ্ৰামী সত্ত্বা সেয়া সদায় জীয়াই ৰাখিম। এই কথা মই মোৰ মাৰ গাত ধৰি শপত খাই কৈছো।'-যোৰহাটৰ ঘৰত মাতৃৰ সমুখত উপস্থিত হৈ এই মন্তব্য কৰি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।
আনহাতে আজিৰ দিনটোতে অখিল গগৈক লগ কৰিবলৈ শিৱসাগৰৰ পৰাও বহু সংখ্যক লোক আহি গোট খালেহি অখিল গগৈৰ যোৰহাটৰ বাসগৃহত। আৰু জেলৰ পৰা মুকলি হোৱাৰ পিছতে অখিল গগৈয়ে শিৱসাগৰবাসীৰ বাবে আন্তৰিকতাৰে কাম কৰি যাব বুলি সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|