কেইদিনমান পূৰ্বে সৰভোগত মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাই বিধায়কৰ ক্ষমতা নাই বুলি কৈছিল। মুখ্যমন্ত্ৰীৰ তেনে মন্তব্যত এতিয়া জাঙুৰ খাই উঠিছে বিৰোধী বিধায়কসকল।
কেইদিনমান পূৰ্বে সৰভোগত মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাই বিধায়কৰ ক্ষমতা নাই বুলি কৈছিল। মুখ্যমন্ত্ৰীৰ তেনে মন্তব্যত এতিয়া জাঙুৰ খাই উঠিছে বিৰোধী বিধায়কসকল।
মহাজোঁটত যোগ দিলে নেকি শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে? শনিবাৰে মহাজোটৰ অংশিদাৰী দলৰ প্ৰতিনিধি সকলৰ সৈতে একেলগে দেখা গ'ল বিধায়ক অখিল গগৈক। বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ নেতৃত্বত ৰাজভৱনলৈ গৈ ৰাজ্যপাল প্ৰফেছাৰ জগদীশ মুখীক সাক্ষাৎ কৰে অখিল গগৈয়ে।
কেইদিনমান পূৰ্বে সৰভোগত মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাই বিধায়কৰ ক্ষমতা নাই বুলি কৈছিল। মুখ্যমন্ত্ৰীৰ তেনে মন্তব্যত এতিয়া জাঙুৰ খাই উঠিছে বিৰোধী বিধায়কসকল। ফলত এই ক্ষেত্ৰত উচিত ব্যৱস্থা ল'বলৈ ৰাজ্যপালক আহ্বান জনালে বিৰোধী বিধায়কসকলে। আনকি মুখ্যমন্ত্ৰীৰ তেনে মন্তব্যই বিধায়কৰ পদ মৰ্যদা লাঘব কৰিছে বুলিও মত ব্যক্ত কৰে বিধায়কসকলে।
বিধায়কৰ ক্ষমতা নাই বুলি কোৱা সম্পৰ্কত বিৰোধী মহাজোঁটৰ অংশিদাৰী দলৰ প্ৰতিনিধি আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ একেলগ হৈ শনিবাৰে ৰাজ্যপাল প্ৰফেছাৰ জগদীশ মুখীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|