உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'অখিল গগৈৰ সৈতে মুখামুখি হ'বলৈ ভয় খাইছে মুখ্যমন্ত্ৰীয়ে, সেয়েহে বিভিন্ন কূটকৌশলেৰে অখিলক বিধানসভালৈ অহাত বাধা দিয়া হৈছে'- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰাইজৰ দলে

    'অখিল গগৈৰ সৈতে মুখামুখি হ'বলৈ ভয় খাইছে মুখ্যমন্ত্ৰীয়ে, সেয়েহে বিভিন্ন কূটকৌশলেৰে অখিলক বিধানসভালৈ অহাত বাধা দিয়া হৈছে'- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰাইজৰ দলে

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এঙাৰ আখ্যা ৰাইজৰ দলৰ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এঙাৰ আখ্যা ৰাইজৰ দলৰ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এঙাৰ আখ্যা ৰাইজৰ দলৰ

    • Share this:
    আৰম্ভ হৈছে ৰাইজৰ দল আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাজত বাকযুদ্ধ। সোমবাৰে বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অখিল গগৈৰ বিৰুদ্ধে সৰব হোৱাৰ পিছত এতিয়া মুখ্যমন্ত্ৰীক উভতি ধৰিলে ৰাইজৰ দলৰ নেতা ভাস্কো ডি শইকীয়াই।

    ভাস্কো ডি শইকীয়াই কয় যে,  'মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ সৈতে মুখামুখী হ'বলৈ ভয় খাইছে। যাৰবাবে বিভিন্ন কুটকৌশলেৰে অখিলক বিধানসভালৈ অহাত বাধা দিয়া হৈছে। শিৱসাগৰৰ বিধায়কগৰাকীক মুখ্যমন্ত্ৰীয়ে মানসিক ৰোগী আখ্যা দিয়াটো অত্যন্ত দুৰ্ভাগ্যজনক।'

    ভাক্সো ডি শইকাীয়াই লগতে কয় যে, 'গৃহ আৰু ৰাজনৈতিক বিভাগে আইন শৃংখলাজনিত কাৰণৰ দোহাই দি অখিল গগৈক আহিবলৈ দিয়া নাই। আনহাতে মুখ্যমন্ত্ৰীয়ে মানসিক ৰোগী আখ্যা দিছে। তেন্তে কাৰ ভাষ্য সত্য?'  অখিল গগৈয়ে কোভিড প্ৰটকল ভংগ কৰা নাই। মুখ্যমন্ত্ৰীয়েহে মাজুলীত কোভিড প্ৰটকল ভাঙিছিল বুলি মন্তব্য কৰে ৰাইজৰ দলৰ নেতাজনে।

    উল্লেখ্য যে, আজি সদনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে, 'কোভিড প্ৰট'কল মানি, বিধায়ক অখিল গগৈক আহল-বহলকৈ বাছত বহুৱাই অনা হৈছিল। ৰোগী এজনক চিটিবাছত নানি ক'ত আনিম?  অসুস্থ মানুহ এজনক কেনেকৈ সদনত বহুৱাব? বিগত চাৰি মাহে চিকিৎসাধীন হৈ আছে অখিল গগৈ। তেখেত মানিসভাৱে অসুস্থ বাবে চিকিৎসা চলি আছে।'
    Published by:Himangshu Bhuyan
    First published: