‘‘মই বিধানসভাত অসমবাসী ৰাইজৰ মুখপাত্ৰ হ’ব খোজো৷ মই চৰকাৰৰ জাতিদ্ৰোহী কামৰ বিৰুদ্ধে সিংহৰ দৰে গৰজি উঠিব বিচাৰো৷ মোক আপোনালোকে সহায় কৰক৷’’ – ৰাইজৰ দলৰ কাৰাৰুদ্ধ সভাপতি অখিল গগৈয়ে শুকুৰবাৰে অসমবাসী ৰাইজ বিশেষকৈ শিৱসাগৰবাসীলৈ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এক পত্ৰৰ জৰিয়তে এই আহ্বান জনায়।
২০২১ চনৰ বিধানসভা নিৰ্বাচনত ঐতিহাসিক ১০৮নং শিৱসাগৰ সমষ্টিটোত অখিল গগৈক ভোটদান কৰিবলৈ শিৱসাগৰবাসীক অনুৰোধ জনোৱাৰ লগতে সমগ্ৰ অসমৰ দেশপ্ৰেমিক নাগৰিকলকলক তেওঁক নতুন যাত্ৰাত সহায় কৰিবলৈ আৰু হাতে–কামে তেওঁক ২১ৰ বিধানসভা নিৰ্বাচনত জয়ী কৰিবলৈ শিৱসাগৰবাসীলৈ অনুৰোধ জনায়৷
আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ বাবে আৰ্থিক সহায় বিচাৰি ৰাইজলৈ পত্ৰখনৰ জৰিয়তে অনুৰোধ জনালে অখিল গগৈয়ে৷ যিসকলে তেওঁক আৰ্থিকভাৱে সহায় কৰিব বিচাৰে তেওঁলোকে ভাৰতীয় ষ্টেট বেংকৰ দিছপুৰ শাখাৰ ৪০০৬১৭০৯১২১ (SBIN0003030 IFSC) নম্বৰৰ একাউণ্টত ধন জমা দিবলৈ অনুৰোধ জনালে৷
পত্ৰখনৰ জৰিয়তে শিৱসাগৰবাসীলৈ বিশেষ প্ৰতিশ্ৰুতিও আগবঢ়ালে অখিল গগৈয়ে৷ অনাগত দিনত শিৱসাগৰক ভাৰতবৰ্ষৰ আইকনিক ছাইটত পৰিণত কৰাৰ প্ৰতিশ্ৰুতি অখিল গগৈৰ৷ অখিলে লিখিলে – মোক বিধায়কৰূপে জয়ী কৰাওক, মই মোৰ সৰ্বোচ্চ ঢালি দিম শিৱসাগৰৰ লগতে দেশমাতৃৰ সেৱাৰ বাবে৷ শিৱসাগৰক শিক্ষিত সমষ্টিৰূপে গঢ়ি তুলিম।
প্ৰতিটো পৰিয়ালৰ এজনকৈ লোকক স্থায়ী সংস্থাপনৰ আঁচনি ল’বলৈ, প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগান দিবলৈ, প্ৰতিডৰা পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰি বছৰৰ সকলো সময়তে খেতি কৰা আদৰ্শ সমষ্টিৰূপে গঢ়ি তুলিবলৈ, প্ৰতিটো পৰিয়ালক মাটিৰ পট্টা দিবলৈ, বান–গৰাখহনীয়া সমস্যা সমাধান কৰিবলৈ, শিৱসাগৰক শ্ৰেষ্ঠতম চাফ–চিকুণ নগৰ হিচাপে গঢ়ি তুলিবলৈ, শংকৰ–আজানৰ ঐতিহ্যৰে শিৱসাগৰক সমন্বয়–সংস্কৃতিৰ থলীৰূপে গঢ়ি তুলিবলৈ মোৰ তন–মন আৰু চৰকাৰী–বেচৰকাৰী ধন ঢালি দিয়াৰ প্ৰতিশ্ৰুতি আগবঢ়ায় অখিল গগৈয়ে৷
শুকুৰবাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত সংবাদমেলৰ জৰিয়তে অখিল গগৈৰ এই পত্ৰখন ৰাইজলৈ বুলি পাঠ কৰি শুনালে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ভাস্কোডি শইকীয়াই৷ পিছে অখিল গগৈৰ এই আহ্বানক অসমবাসী ৰাইজ তথা শিৱসাগৰবাসী ৰাইজে কিদৰে সঁহাৰি জনায় সেয়া নিৰ্বাচনতহে স্পষ্ট হ’ব৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|