• Home
  • »
  • News
  • »
  • assam
  • »
  • Raijar Dal: ৰাইজৰ দলৰ যুৱ সংগঠন 'জাতীয় যুৱ বাহিনী' গঠন

Raijar Dal: ৰাইজৰ দলৰ যুৱ সংগঠন 'জাতীয় যুৱ বাহিনী' গঠন

শিৱসাগৰৰ বিধায়ক অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে দেওবাৰে জম্ম দিলে "জাতীয় যুৱ বাহিনী" নামেৰে নতুন যুৱ সংগঠন। দেওবাৰে গুৱাহাটীৰ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তনত বিভিন্ন দলৰ বহু সংখ্যক যুৱকে ৰাইজৰ দলত যোগ দিয়ে।

  • Share this:
২০২১ চনৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে জম্ম হৈছিল ৰাইজৰ দল (Raijar Dal)ৰ। ৰাইজৰ দলে দেওবাৰে জম্ম দিলে "জাতীয় যুৱ বাহিনী" (Jatiya Yuva Bahini) নামৰে নিজ দলৰ যুৱ সংগঠন। জাতীয় যুৱ বাহিনীৰ প্ৰথমখন ৰাজনৈতিক সভা দেওবাৰে গুৱাহাটী (Guwahati)ৰ শিল্পগ্ৰামৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অখিল গগৈ (Akhil Gogoi)ৰ সভাপতিত্বত অনুষ্ঠিত দেওবাৰৰ অভিৱৰ্তনতে জাতীয় যুৱ বাহিনীৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰে লক্ষ্য জ্যোতি গগৈক।

নৱ গঠিত জাতীয় যুৱ বাহিনীক লৈ আশাবাদী ৰাইজৰ দলৰ মুৰব্বী বিধায়ক অখিল গগৈ। নিজৰ ভাষণ প্ৰসংগত ৰাইজৰ দলক ঐক্যবদ্ধ, আপোচবিহীন, প্ৰগতিশীল জাতিয়তাবাদী আঞ্চলিক দল (Regional Party) আখ্যা দিছে সভাপতি অখিল গগৈয়ে। শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ আশা ৰাইজৰ দল অনাগত দিনত আৰু অধিক শক্তিশালী হ'ব।

দেওবাৰৰ অভিৱৰ্তনতে আন বিভিন্ন দল ত্যাগ কৰা বহু সংখ্যক যুৱকে ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগ দিয়ে। দেওবাৰৰ গুৰুত্বপূৰ্ণ অভিৱৰ্তনতে ৰাইজৰ দলৰ ৰাজনৈতিক উপদেষ্টা মণ্ডলিয়েও অংশগ্ৰহণ কৰে।

অভিৱৰ্তনত অলপতে ডক্টৰেট ডিগ্ৰী লাভ কৰা দলৰ কেন্দ্ৰীয় কমিটিৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰাক অখিল গগৈয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। সভাৰ আৰম্ভনীতে বিধায়ক অখিল গগৈ সহিতে সকলো নেতা কৰ্মীয়ে 'কা' (CAA) আন্দোলনৰ পাচ শ্বহীদক স্মৰন কৰে।
Published by:Manjumoni Borah
First published: