অখিল গগৈৰ বিৰুদ্ধে একনায়কত্ববাদৰ অভিযোগ! দুভাগত বিভক্ত হ’ল কৃষক মুক্তি সংগ্ৰাম সমিতি

দুমাহৰ ভিতৰত নতুন গঠনটোৰ গঠন কৰা হ’ব পূৰ্ণাংগ কমিটীৰ লগতে জিলা কমিটী। পূৰ্ণাংগ কমিটী গঠনৰ পিছতে আয়োজন কৰা হ’ব বিশাল গণ অভিৱৰ্তনৰ।

News18-Assam
Updated:November 5, 2019, 3:44 PM IST
অখিল গগৈৰ বিৰুদ্ধে একনায়কত্ববাদৰ অভিযোগ! দুভাগত বিভক্ত হ’ল কৃষক মুক্তি সংগ্ৰাম সমিতি
দুমাহৰ ভিতৰত নতুন গঠনটোৰ গঠন কৰা হ’ব পূৰ্ণাংগ কমিটীৰ লগতে জিলা কমিটী। পূৰ্ণাংগ কমিটী গঠনৰ পিছতে আয়োজন কৰা হ’ব বিশাল গণ অভিৱৰ্তনৰ।
News18-Assam
Updated: November 5, 2019, 3:44 PM IST
দুটা ভাগত বিভক্ত হ’ল কৃষক মুক্তি সংগ্ৰাম সমিতি। KMSSৰ পৰা বিভক্ত হৈ গঠন হ’ল কৃষক মুক্তি সংগ্ৰাম সমিতি (প্ৰগতিশীল)। কৃষক মুক্তি সংগ্ৰাম সমিতি ত্যাগ কৰা একাংশই গঠন কৰিলে নতুন সংগঠনটো। KMSSত অখিল গগৈৰ একনায়কত্ববাদ চলাৰ অভিযোগ।

নতুন সংগঠন খুলি সংগঠনটোৰ নেতাই কয় যে – KMSS বৰ্তমান কৃষকৰ সংগঠন হৈ থকা নাই। অখিল গগৈৰ ব্যক্তিগত সংগঠনলৈ ৰূপান্তিত হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি।

সদ্যহতে সংগঠনটোৰ আহ্বায়ক কমিটী গঠন কৰা হৈছে। পিছৰ পৰ্যায়ত আগবাঢ়িব বাকী প্ৰক্ৰিয়া। আহ্বায়ক কমিটীৰ দায়িত্ব আছে বুবুল হাজৰিকা, অপূৰ্ব বৰুৱা, তুলতুল দাস, বিপিন দাস আৰু বিশ্বজিৎ ডেকা। দুমাহৰ ভিতৰত নতুন গঠনটোৰ গঠন কৰা হ’ব পূৰ্ণাংগ কমিটীৰ লগতে জিলা কমিটী। পূৰ্ণাংগ কমিটী গঠনৰ পিছতে আয়োজন কৰা হ’ব বিশাল গণ অভিৱৰ্তনৰ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি