অখিল গগৈয়ে কয়, ‘‘সমষ্টিৰ সামগ্ৰিক উন্নয়ন মোৰ প্ৰথম কাম হ'ব। শিৱসাগৰখনক হেৰিটেজ চিটীৰূপে ঘোষণা কৰা মোৰ প্ৰাথমিক কাম।’’
অখিল গগৈয়ে কয়, ‘‘সমষ্টিৰ সামগ্ৰিক উন্নয়ন মোৰ প্ৰথম কাম হ'ব। শিৱসাগৰখনক হেৰিটেজ চিটীৰূপে ঘোষণা কৰা মোৰ প্ৰাথমিক কাম।’’
ৰংঘৰৰ আগত শৰণ ল’লে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। বিধায়কৰ পদ নিষ্ঠা আৰু সততাৰে পালন কৰাৰ পণ ল’লে অখিল গগৈয়ে। কাৰাবন্দী অৱস্থাত শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিধানসভা নিৰ্বাচনত জয়ী হোৱা অখিল গগৈ কাৰামুক্ত হৈ আজি প্ৰথমবাৰৰ বাবে শিৱসাগৰ সমষ্টিত উপস্থিত হয়।
শিৱসাগৰ জিলাৰ সীমা জাঁজীৰ পিছত ৰংঘৰ বাকৰিত শিৱসাগৰৰ দল-সংগঠনৰ তৰফৰ পৰা উষ্ণ সম্বৰ্ধনা জ্ঞাপন কৰা হয় অখিল গগৈক। পৰৱৰ্তী সময়ত ৰংঘৰ চাৰিআলিৰ ৰাইজৰ দলৰ কাৰ্যালয়ত উপস্থিত হৈ বিধায়কগৰাকীয়ে দলীয় কৰ্মীৰ লগতে ৰাইজৰ মৰম গ্ৰহণ কৰি ৰাইজৰ মনৰ বুজ লয়।
সাংবাদিকক সম্বোধন কৰি বিধায়কগৰাকীয়ে কয় যে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ মৰম আৰু সন্মান দেখি অভিভূত হৈছো। শিৱসাগৰ সমষ্টিৰ ৰাইজে মোক জয়যুক্ত কৰি যিখিনি কৰিবলগীয়া আছিল কৰিলে। এতিয়া মোৰ কাম মই কৰিম। শিৱসাগৰ সমষ্টিক মুখ্যমন্ত্ৰীৰ সমষ্টিৰ দৰে অগ্ৰগতি প্ৰদান কৰিম। এনে কৰিবলৈ যাওঁতে যদি কোনো মন্ত্ৰী–আমোলাই মোক বাধা প্ৰদান কৰে তেন্তে তাৰ বিৰুদ্ধে কি ব্যৱস্থা মই গ্ৰহণ কৰিম তাক ৰাইজে দেখিব।
অখিল গগৈয়ে কয়, ‘‘সমষ্টিৰ সামগ্ৰিক উন্নয়ন মোৰ প্ৰথম কাম হ'ব। শিৱসাগৰখনক হেৰিটেজ চিটীৰূপে ঘোষণা কৰা মোৰ প্ৰাথমিক কাম। সেইদৰে শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিম। সেইদৰে শিৱসাগৰ সমষ্টিৰ সকলো সমস্যা চিনাক্ত কৰি সেইসমূহৰ সমাধাধৰ চেষ্টা পৰ্যমানে কৰা হ'ব। শিৱসাগৰখনক এক বৌদ্ধিক কেন্দ্ৰলৈ পৰিণত কৰা হ'ব। মই আজি শিৱসাগৰলৈ আহিছো। ইতিমধ্যে সমষ্টিৰ উন্নয়নৰ বাবে বহুকেইখন সমিতি গঠন কৰি দিয়া হৈছে। এই সমিতিসমূহৰ পৰা তথ্য সংগ্ৰহ কৰি মোৰ কাৰ্য মই আৰম্ভ কৰিম।’’
ৰাইজক সাক্ষী কৰি বিধায়ক গগৈয়ে ৰংঘৰৰ বাকৰিত সেৱা গ্ৰহণ কৰি নিজ দায়িত্ব সততা আৰু নিষ্ঠাৰে পালন কৰাৰ পণ গ্ৰহণ কৰে। সমষ্টিত আজি প্ৰথমবাৰৰ বাবে ভৰি দিয়াৰ মূহুৰ্ত উৎসৱমুখৰ হৈ পৰে। কোভিড প্ৰটকল মানি চলি সমৱেত হোৱা লোকে সমদল কৰি বিভিন্ন শ্লোগান দি নেতাগৰাকীক কাৰ্যালয়লৈ আগবঢ়াই নিয়ে। অৱশ্যে সুৰক্ষাৰ বাবে মোতায়েন কৰা আৰক্ষী-সুৰক্ষাবাহিনীয়ে মাইকযোগে ৰাইজক সান্ধ্য আইন মানি চলিবলৈ সোঁৱৰাই দিয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|