কাৰাগাৰৰ পৰা ওলাই মুকলি আকাশৰ তললৈ অহাৰ পিছতে 'কা' আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ডৰ ঘৰলৈ যায় অখিল গগৈ।
অৱশেষত আজি কাৰাগাৰৰ পৰা মুক্ত হ'ল অখিল গগৈ। আজি NIAৰ আদালতে অখিলক অন্তিমটো গোচৰত দোষমুক্ত কৰাৰ পিছতে কাৰাগাৰৰ পৰা ওলাল কৃষক নেতা অখিল গগৈ। প্ৰায় ৫৭০ দিনৰ মূৰত মুকলি আকাশৰ তললৈ আহিল শিৱসাগৰৰ বিধায়কগৰাকী।
কাৰাগাৰৰ পৰা ওলাই মুকলি আকাশৰ তললৈ অহাৰ পিছতে 'কা' আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ডৰ ঘৰলৈ যায় অখিল গগৈ। ছেম ষ্টেফৰ্ডৰ মাতৃক কিছু পৰিমাণে সাহায্য আগবঢ়ালে অখিল গগৈয়ে। পত্নীৰ পৰা ধাৰ লৈ সাহায্য আগবঢ়ালে পৰিয়ালটোক। ছেম ষ্টেফৰ্ডৰ মাতৃৰ চিকিৎসাৰ লগতে ৫জন শ্বহীদৰ চলি থকা গোচৰৰ সকলো খৰচ বহন কৰিব অখিল গগৈয়ে।
উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (NIA)ই অখিল গগৈৰ বিৰুদ্ধে দাখিল কৰিব নোৱাৰিলে কোনো প্ৰমাণ। এই সময়ছোৱাত অখিল গগৈৰ বিৰুদ্ধে ১২টাৰ অধিক বিভিন্ন গোচৰ জাপি দিয়া হৈছিল। তাৰ মাজতে কাৰাগাৰৰ পৰাই বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি শিৱসাগৰৰ পৰা বিধায়কৰূপে নিৰ্বাচিত হৈছিল অখিল গগৈ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|