মুখ্যপৃষ্ঠা »খবৰ »অসম »ৰেহাই বিচাৰি NIA আদালতত অখিল গগৈ ! বিধানসভাৰ বাজেট অধিৱেশনৰ বাবে ৫ এপ্ৰিললৈ ৰেহাইৰ আৱেদন ...

ৰেহাই বিচাৰি NIA আদালতত অখিল গগৈ ! বিধানসভাৰ বাজেট অধিৱেশনৰ বাবে ৫ এপ্ৰিললৈ ৰেহাইৰ আৱেদন ...

বৃহস্পতিবাৰে NIA আদালতত হাজিৰ অখিল গগৈ। অখিল গগৈৰ হৈ অধিবক্তাই আদালতত দাখিল কৰে এক আৱেদন। বিধানসভাৰ  অধিবেশনৰ সময়ত ৰেহাই বিচাৰি কৰে আবেদন।

  • Share this:
বৃহস্পতিবাৰে NIA আদালতত হাজিৰ অখিল গগৈ। অখিল গগৈৰ হৈ অধিবক্তাই আদালতত দাখিল কৰে এক আৱেদন। বিধানসভাৰ  অধিবেশনৰ সময়ত ৰেহাই বিচাৰি কৰে আবেদন।

অহা ২০ মাৰ্চত উচ্চতম ন্যায়ালয়ত আছে অখিল গগৈৰ bail hearing। আজি আদালতৰ পৰা ওলাই চৰকাৰক সমালোচনা অখিল গগৈৰ। মহাৰাষ্ট্ৰৰ বিধায়কে অসমৰ মানুহে কুকুৰ খাই বুলি কৰা মন্তব্যকলৈ সৰৱ অখিল গগৈ।বিধায়কজনৰ বিৰুদ্ধে ভিন্ন থানাত গোচৰ ৰুজু হোৱাৰ পিছতো কিয় ব্যৱস্থা লোৱা হোৱা নাই বুলি প্ৰশ্ন কৰে গগৈয়ে।

বিজেপিৰ পক্ষত থকা MLA বাবেই ব্যৱস্থা লোৱা নাই বুলি চৰকাৰক কটাক্ষ অখিল গগৈৰ। লগতে ১০০ কোটি টকা খৰচ কৰি ৰেকৰ্ড গঢ়িব যোৱা কাৰ্য হাঁহি উঠা কথা বুলিও সমালোচনা কৰে। অসমত বহু বিদ্যালয়ত টিনেৰে পানী পৰে। যদি ১০০ কোটি টকাৰে সেই বিদ্যালয়সমূহ উন্নয়ন কৰিলে হয়, ৰাইজৰ ভাল হ'লহেতেন । কিন্তু ১০০ কোটি খৰছ কৰি মানুহক মূল কথাৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছে। গ্ৰীনীজ  বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত কাৰ নখ দীঘল, কাৰ চুলি দীঘল, কাৰ মোছ দীঘল এইবোৰ হে অন্তৰ্ভুক্ত হয়। আৰু তেনে এটা ৰেকৰ্ডৰ বাবে এনে চমক দিয়া কাৰ্যসূচী  আয়োজন কৰাটো হাস্যকৰ বুলিও মন্তব্য।

"চৰকাৰৰ ১০০ লাখ কোটি টকাতকৈও অধিক ধাৰ। মূল্যবৃদ্ধি, গড়াখহনীয়া, আদি সমস্যাৰ পৰা মানুহৰ মন আঁতৰাই ৰাখিবৰ বাবে ১০০ কোটি টকা খৰচ কৰি এনে উৎসৱ পাতিব বিচাৰিছে। মাথোঁ প্ৰচাৰৰ জৰিয়তে মানুহক মূল বিষয়ৰ পৰা আঁতৰাই ৰাখিব লাগে। *-এই মন্তব্য শিৱসাগৰৰ বিধায়কগৰাকীৰ।

শেহতীয়া বাতৰি