মূৰৰ বিষ আৰু জ্বৰত ভুগি আছে গগৈ নিজেও
মূৰৰ বিষ আৰু জ্বৰত ভুগি আছে গগৈ নিজেও
শিৱসাগৰৰ বিধায়ক তথা কৃষক নেতা অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলী আৰু একমাত্ৰ পুত্ৰ নচিকেতা কোৰোনাত আক্ৰান্ত হৈছে। বিধায়ক অখিল গগৈয়ে এই কথা ছ'চিয়েল মিডিয়াযোগে অৱগত কৰে। গগৈয়ে এই সন্দৰ্ভত প্ৰকাশ কৰি কয় যে মূৰৰ বিষ আৰু জ্বৰত ভুগি থকাৰ পিছত আজি তেওঁৰ পত্নী আৰু পুত্ৰ কোভিড পজিটিভ বুলি ধৰা পৰে।
গগৈ নিজেও জ্বৰ আৰু মূৰৰ বিষত ভুগি আছে যদিও তেওঁ বৰ্তমানলৈ কোভিডত আক্ৰান্ত হোৱা নাই বুলি উল্লেখ কৰে। অৱশ্যে তেওঁৰ আন এটা ৰিজাল্ট এতিয়াও পাবলৈ আছে। তেওঁ বৰ্তমান হোম আইচোলেচনত আছে আৰু ৫ দিনলৈ ঘৰতে থাকিব। এইকেইদিনত তেওঁ কোনো কাৰ্যসূচীত অংশ ল'ব নোৱৰিব বুলি লগতে জানিবলৈ দিয়ে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|