News18 AssamNews18 Assam
|
News18-Assam Updated:February 20, 2020, 2:03 PM IST
বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদন গ্ৰহণ নকৰি অসমীয়া জাতিক অপমান কৰিছে কেন্দ্ৰীয় চৰকাৰেঃঅখিল গগৈ
বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদন গ্ৰহণ নকৰি অসমীয়া জাতিক অপমান কৰিছে কেন্দ্ৰীয় চৰকাৰেঃঅখিল গগৈ
কা বিৰোধী আন্দোলনত জপিয়াই পৰাৰ পিছত দুটামাহ ধৰি কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক বৃহস্পতিবাৰে অনা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত।কাৰাগাৰত থকাৰ সময় চোৱাৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটিছে অখিল গগৈৰ। চকু,হাড় আৰু প্ৰচণ্ড মূৰৰ বিষত ভুগিছে কৃষক নেতাজনে। চকুৰ সমস্যাত ভোগাৰ বাবে ডাক্তৰে চচমা লোৱাৰ বাবে আগবঢ়াইছে পৰামৰ্শ। ইয়াৰ লগতে স্বাস্থ্য সংক্ৰান্তীয় সকলো পৰীক্ষা কৰোৱা হয় জিএমচি এইচত। কাৰাগাৰত দুটা মাহ ধৰি কষ্ট পোৱাৰ বাবে বিষৰ সমস্যাই জোৰোলা কৰিছে অখিল গগৈক। কেন্দ্ৰীয় কাৰাগাৰৰ পৰা জি এম চি এইছত উপস্থিত হৈ অখিল গগৈয়ে ৬ নং দফাৰ সম্পৰ্কত কয় যে,
'কেন্দ্ৰীয় চৰকাৰে ৬ নং দফাৰ প্ৰতিবেদন গ্ৰহণ নকৰি অসমীয়া জাতিক অপমান কৰিছে,অতি সোনকালে এই প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব লাগে,বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনখন এতিয়াও সম্পূৰ্ণ নহয়,ইনাৰ লাইন পাৰ্মিট,নাগৰিকত্ব,ৰাজ্যৰ প্ৰয়োজনীয় অধিকাৰ আদিবোৰ সন্নিবিষ্ট থাকিব লাগে প্ৰতিবেদনত।' লগতে ‘কা’ বিৰোধী আন্দোলন স্তিমিত নকৰিবলৈ আহ্বান জনায় প্ৰতিজন অসমীয়াক। উল্লেখযোগ্য যে সন্দ্বীপ পাণ্ডে আৰু মেধা পাটকৰে অখিলক জেলৰ পৰা মুকলি কৰিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।