শেহতীয়াকৈ অখিল গগৈয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে তিনিখনকৈ বৈঠকত মিলিত হৈছে। আৰু তাৰ পিছৰ পৰাই দেশৰ লগতে ৰাজ্যৰ ৰাজনীতিত এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। দেওবাৰে সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে আনকি বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত ৰাষ্ট্ৰীয় পৰ্যায়ত এক শক্তিশালী বিৰোধী মিত্ৰজোঁট গঠনৰো পোষকতা কৰিছে। সেইদৰে মমতা বেনাৰ্জীক দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰে বুলিও স্পষ্টকৈ জনাইছে শিৱসাগৰ সমষ্টিৰ বিধায়ক জনে।
এতিয়া এই সন্দৰ্ভত অখিল গগৈয়ে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অখিল গগৈয়ে কয় যে,'তিনিলানি আলোচনা হৈছে TMC ৰ লগত। মিটিঙত প্ৰশান্ত কিশোৰ আছিল। মোক খুব মৰমেৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব দিবলৈ লাগি আছে। কিন্তু আমি এটা ৰাষ্ট্ৰীয় দলৰ লগত বিলীন হৈ যোৱাটো বিচৰা নাই। কালি কাৰ্যনিৰ্বাহক বৈঠকত বিস্তৃত আলোচনা হৈছে, আমি আঞ্চলিক দল হিচাপে থাকি যাব বিচাৰো। সংবিধানত উল্লেখিত গণৰাজ্যৰ সংৰচনা ৰক্ষা কৰাত মমতা বেনাৰ্জীৰ ভূমিকা গুৰুত্বপূৰ্ণ। বিজেপিয়ে যি এক কেন্দ্ৰিক শাসন কৰিছে তাৰ বিৰোধ আমি কৰিম।'
গগৈয়ে লগতে কয় যে, 'মমতা বেনাৰ্জীয়ে ৰাজ্যসমূহৰ কথা যিমান ভাবে সিমান কোনেও নাভাবে। আমি তেওঁক প্ৰধানমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিলে সমৰ্থন কৰিম। মই মমতা বেনাৰ্জীক অৰবিন্দ কেজৰিৱালতকৈও ভাল পাওঁ। কেজৰিৱালে federal structure ৰক্ষাৰ কাৰণে সিমান ভবা নাই যিমান মমতা বেনাৰ্জীয়ে ভাবিছে। সেইকাৰণে আজিৰ তাৰিখত ভাৰতবৰ্ষত মই আটাইতকৈ ভালপোৱা ৰাজনীতিক গৰাকী হৈছে মমতা বেনাৰ্জী। লগতে 2024 চনত কেন্দ্ৰত বিৰোধীৰ চৰকাৰ গঠন হলে ৰাইজৰ দলে তাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। মোক জনোৱা মতে, প্ৰশান্ত কিশোৰে অসমৰ এটা বিস্তৃত চাৰ্ভে কৰি অনাগত দিনত মোৰ দলৰ প্ৰৱল সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে।'
Published by: Himangshu Bhuyan
FIRST PUBLISHED : August 09, 2021, 13:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।