உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Akhil Gogoi Letter : ‘নৰক যন্ত্ৰণাৰ পিছতো আপোচ কৰা নাই মই, আপোচ নকৰো কোনোদিনে’ – বন্ধ কুঠৰীৰ পৰা অখিল গগৈৰ বিস্ফোৰক পত্ৰ

    Akhil Gogoi Letter : ‘নৰক যন্ত্ৰণাৰ পিছতো আপোচ কৰা নাই মই, আপোচ নকৰো কোনোদিনে’ – বন্ধ কুঠৰীৰ পৰা অখিল গগৈৰ বিস্ফোৰক পত্ৰ

    মঙলবাৰে বন্ধ কুঠৰীৰ পৰাই অখিল গগৈয়ে প্ৰেৰণ কৰা এখন পত্ৰই এতিয়া জোকাৰণি তুলিছে সমগ্ৰ ৰাজ্যত৷

    মঙলবাৰে বন্ধ কুঠৰীৰ পৰাই অখিল গগৈয়ে প্ৰেৰণ কৰা এখন পত্ৰই এতিয়া জোকাৰণি তুলিছে সমগ্ৰ ৰাজ্যত৷

    মঙলবাৰে বন্ধ কুঠৰীৰ পৰাই অখিল গগৈয়ে প্ৰেৰণ কৰা এখন পত্ৰই এতিয়া জোকাৰণি তুলিছে সমগ্ৰ ৰাজ্যত৷

    • Share this:
    নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সকলোৰে দৃষ্টি নিবদ্ধ হৈ ৰৈছে শিৱসাগৰ সমষ্টিত৷ কাৰণ কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰাই ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে৷ মঙলবাৰে বন্ধ কুঠৰীৰ পৰাই অখিল গগৈয়ে প্ৰেৰণ কৰা এখন পত্ৰই এতিয়া জোকাৰণি তুলিছে সমগ্ৰ ৰাজ্যত৷

    পত্ৰখনত লিখা হৈছে, ‘‘নিৰ্বাচনৰ বতৰত ভিন্নজনে মোৰ সম্পৰ্কত বিভিন্ন অপপ্ৰচাৰ চলোৱা বুলি জানিব পাইছো৷ সেয়েহে মোৰ বন্দীত্ব জীৱনৰ আচল সত্যবোৰ জনাব খুজিছো৷ ১৭ ডিচেম্বৰ ২০১৯ চনত পুলিচে মোক যোৰহাট জে’লৰ পৰা গতিয়াই-ভুকুৱাই গাড়ীত তুলি যোৰহাট বিমানবন্দৰলৈ আনে৷ গাড়ীৰ পৰা নমাৰ লগে লগে কেইজনমান হিন্দীভাষী লোকে মোক পিছফালৰ পৰা ডিঙিত চেপি ধৰে৷ হাত দুখন পিছলৈ নি কচি কচি হেণ্ডকাফ বান্ধি এখন হেলিকপ্টাৰত উঠাই৷ গুৱাহাটীৰ নিয়া আদালতত মোক থিয় কৰাই ৰাতি গোপনে আদালতৰ অনুমতি নোলোৱাকৈ বিমানেৰে দিল্লীলৈ নিয়ে৷ ১৮ ডিচেম্বৰৰ পুৱতিনিশা মোক নিয়াৰ মুখ্য কাৰ্যালয়ৰ ১নং লক আপত ভৰাই দিয়ে৷ ১৮ ডিচেম্বৰৰ পুৱাৰ পৰা মাৰাথন জেৰা আৰম্ভ কৰে৷ জেৰা মানেই কেৱল ৰাজনৈতিক বাক্যবান৷ গুৱাহাটী আহিহে কাকতে পত্ৰই সংবাদ মাধ্যমত বাতৰি দেখি মই গম পালো মোক মাওবাদীৰ লগত যোগাযোগ ৰক্ষা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে৷ কিন্তু জেৰাত মোক এবাৰো সোধা হোৱা নাছিল এই কথা৷ মই আৰএছএছত যোগ দিয়াৰ লগে লগে জামিন প্ৰদানৰ আশ্বাস দিয়া হৈছিল৷ এনে প্ৰস্তাৱ নাকচ কৰাত বিজেপিত যোগদানৰ প্ৰস্তাৱ আহিল৷ বিজেপিত যোগ দি অসমৰ খালী বিধানসভাৰ আসনত নিৰ্বাচন খেলি বিজেপি চৰকাৰৰ মন্ত্ৰী হোৱাৰ প্ৰস্তাৱ আগবঢ়ালে৷ মই সংগ্ৰামী জীৱন ত্যাগ কৰিব লাগে৷ ৰাষ্ট্ৰ বিৰোধিতা ত্যাগ কৰিব লাগে, নদী বান্ধৰ আন্দোলন বন্ধ কৰিব লাগে৷ কা বিৰোধী আন্দোলনৰ বাবে চৰকাৰৰ ওচৰত ক্ষমা খুজিব লাগে৷ বিশেষকৈ জাপানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী বাতিলৰ বাবে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে যদিও মই নামানিলো৷ মোক কৃষক মুক্তি এৰি এনজিঅ’ কৰাৰ অফাৰো দিলে৷ ধৰ্মান্তকৰণৰ বিৰুদ্ধে অসমৰ মানুহ খ্ৰীষ্টান ধৰ্মলৈ যোৱাৰ বিৰুদ্ধে অভিযান ল’ব লাগে৷ প্ৰথম অভিযানত ২০ কোটি টকাৰ প্ৰস্তাৱ দিয়া হৈছিল মোক৷ এইবোৰ একো নমনাত শেষত প্ৰস্তাৱ আহিল অসমৰ মুখ্যমন্ত্ৰী আৰু এজন প্ৰভাৱশালী মন্ত্ৰীক লগ লগাই দিয়া হ’ব৷ মই অমান্তি হ’লো৷ মই এইবোৰ একো নামানি ৰাষ্ট্ৰৰ অবাধ্য নাগৰিক হৈ গ’লো৷ মোৰ মুক্তিৰ সকলো পথ নিজে ৰুদ্ধ কৰি পেলালো৷ চৰ্তবোৰ নামানিলে মোক হত্যাৰ ভাবুকি দিয়া হৈছিল৷ অন্তত ১০ বছৰৰ কাগাৰৰ ভাবুকিও দিয়া হৈছিল৷ কোৱা হৈছিল কেৱল মই হয় ক’ব লাগে ধনে ধানে মোৰ উভৈনদী হ’ব৷ মোক শাৰীৰিক আৰু মানসিক বহুত অত্যাচাৰ কৰা হৈছিল৷ তেওঁলোকৰ প্ৰস্তাৱ নমনা বাবে ফলাফল ইটোৰ পিছত সিটো গোচৰ৷ মোক কোৱা হৈছিল মোক জে’লৰ পৰাও ওলাব দিয়া নহ’ব৷ চৰকাৰৰ মতেই সকলো সিদ্ধান্ত হ’ব৷ তাৰ পিছতো কোনোৱে কৈছে মই বিজেপিৰ ওচৰত বিক্ৰী গ’লো৷ মাতৃভূমিৰ শপত মই আছো জনতাৰ পক্ষত৷ বিজেপিক উৎখাত কৰা মোৰ জীৱনৰ অন্যতম লক্ষ্য৷ শিৱসাগৰ বাসীয়ে মোক নিশ্চয় মুক্ত আকাশৰ তললৈ উলিয়াই আনিব৷ গভীৰ প্ৰত্যাশাৰে মই আপোনালোকৰ সিদ্ধান্তৰ বাবে ৰৈ আছে৷’’
    Published by:Sanjay Kumar Das
    First published: