• Home
  • »
  • News
  • »
  • assam
  • »
  • AKhil Gogoi : শিৱসাগৰত অখিল গগৈৰ সংবাদমেল, দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু হোৱা গৃহৰক্ষী জোৱানক শ্বহীদ ঘোষণাৰ দাবী

AKhil Gogoi : শিৱসাগৰত অখিল গগৈৰ সংবাদমেল, দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু হোৱা গৃহৰক্ষী জোৱানক শ্বহীদ ঘোষণাৰ দাবী

গগৈয়ে কয়-  "আইন, শান্তি শৃংখলা ৰক্ষা কৰিব নোৱৰা ড° হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগৰ দায়িত্বৰ পৰা পদত্যাগ কৰক।"

গগৈয়ে কয়-  "আইন, শান্তি শৃংখলা ৰক্ষা কৰিব নোৱৰা ড° হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগৰ দায়িত্বৰ পৰা পদত্যাগ কৰক।"

গগৈয়ে কয়-  "আইন, শান্তি শৃংখলা ৰক্ষা কৰিব নোৱৰা ড° হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগৰ দায়িত্বৰ পৰা পদত্যাগ কৰক।"

  • Share this:

"অসম-মেঘালয় সীমান্তত হোৱা হিংসাত্মক ঘটনাৰ ক্ষেত্ৰত  অসম চৰকাৰৰ ভূমিকা অতি দুৰ্ভাগ্যজনক। অসম চৰকাৰে কেৱল অসম আৰক্ষীৰ ওপৰত দোষ জাপি দি  শুই আছে।  এছ পিজনক কিয় বদলি কৰা হ'ল, অ'চিজনক  নিলম্বন কৰাৰ কাৰণ কি চৰকাৰে স্পষ্ট কৰক।" -শিৱসাগৰত আজি এখন সংবাদমেল সম্বোধন কৰি অসম চৰকাৰৰ বিৰুদ্ধে এইদৰে সৰৱ হৈ পৰে বিধায়ক অখিল গগৈ।


অসমৰ মুখ্যমন্ত্ৰীগৰাকী  আৰু আন কোনো  কেবিনেট মন্ত্ৰী কিয় ঘটনাস্থলীলৈ যোৱা নাই যোৱা বুলি প্ৰশ্ন কৰি অখিল গগৈয়ে আৰু কয়-  "হেলিকপ্টাৰত উঠি বিয়া খাবলৈ যোৱা মুখ্যমন্ত্ৰীজনে ঘটনাস্থলীলৈ যাবলৈ আহৰি পোৱা নাই। উদাসীন অসমৰ মুখ্যমন্ত্ৰী। মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে মেঘালয়ৰ সেই দুষ্কৃতিকাৰীসকলৰ পক্ষত থিয় দি  যি তৎপৰতা দেখুৱাইছে, তাৰ তুলনাত অসমৰ মুখ্যমন্ত্ৰী সেও হৈ আছে।" তদুপৰি দুৰ্বৃত্তৰ আক্ৰমণত (Assam-meghalaya border Firing Incident) মৃত্যু হোৱা অসমৰ গৃহৰক্ষী জোৱানক শ্বহীদ ঘোষণা কৰাৰো দাবী তোলে  অখিল গগৈয়ে।


মুখ্যমন্ত্ৰীগৰাকী  গুজৰাটৰ নিৰ্বাচনক লৈ ব্যস্ত হোৱাতকৈ সীমান্ত অঞ্চল ভ্ৰমণ কৰি খবৰ লোৱা উচিত বুলি সংবাদমেলত সদৰী কৰে অখিল গগৈয়ে। অখিল গগৈ (Akhil Gogoi)য়ে কয়-  "দিল্লীৰ ওচৰত অসমৰ মুখ্যমন্ত্ৰী নতজানু হৈ থাকে। দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে অসম আৰক্ষীৰ ওপৰত গুণ্ডাগিৰি কৰিছে মুখ্যমন্ত্ৰীয়ে। অসমত ড° হিমন্ত বিশ্ব শৰ্মাই হিটলাৰী শাসন চলাইছে। সকলো মন্ত্ৰী-বিধায়কক ধান বনা মাৰি হিচাপে ব্যৱহাৰ কৰিছে। ডি জি পিকো চাকৰৰ দৰে ব্যৱহাৰ কৰে। অসমৰ মানুহৰ ওপৰত এনকাউন্টাৰৰ নিৰ্দেশ দিয়া মুখ্যমন্ত্ৰীজন এতিয়া নীৰৱ। অসমৰ মানুহৰ ওপৰত স্বেচ্ছাচাৰী শাসন চলোৱা মুখ্যমন্ত্ৰীয়ে  কিন্তু বেলেগ ৰাজ্যৰ পৰা অসমত আহি তাণ্ডৱ কৰা দুৰ্বৃত্তৰ বিৰুদ্ধে নীৰৱ।"


আনহাতে  শিৱসাগৰৰ বিহুবৰত নগা আৰক্ষীয়ে অসমৰ ভূমিত থকা দোকান উচ্ছেদ কৰাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অখিল গগৈয়ে। অখিল গগৈৰ প্ৰশ্ন- " দানবীৰৰ দৰে মুখ্যমন্ত্ৰীজনে অসমৰ ভূমি মেঘালয়, নাগালেণ্ড,  মিজোৰামক এৰি দিয়াৰ পিছতো সীমান্তত হিংসা হ্ৰাস কৰিব পৰা নাই কিয় ? কিয় শান্তি-সম্প্ৰীতি ঘূৰাই আনিব পৰা নাই ?"


ইয়াৰ উপৰি অসমত দিনে দিনে হিংসাত্মক ঘটনা বৃদ্ধিয়ে ৰাজ্যৰ গৃহ বিভাগ যে সম্পূৰ্ণ ব‌্যৰ্থ তাকেই প্ৰতিপন্ন কৰা বুলি বিধায়কগৰাকীয়ে সংবাদমেলত সমালোচনা কৰে । গুৱাহাটীত দিন দুপৰতে পূৰৱী ডায়েৰীৰ কৰ্মচাৰীক গুলীয়াই হত্যা কৰা  ঘটনাই গৃহ বিভাগৰ ফোঁপোলা স্বৰূপ উদঙাই দিয়া বুলিও ক্ষোভ প্ৰকাশ কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। অখিল গগৈয়ে কয়-  "আইন, শান্তি শৃংখলা ৰক্ষা কৰিব নোৱৰা ড° হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই গৃহ বিভাগৰ দায়িত্বৰ পৰা পদত্যাগ কৰক।" মেঘালয়ত থকা অসমৰ মানুহক কেন্দ্ৰৰ সৈতে আলোচনা কৰি নিৰাপত্তা প্ৰদানৰো দাবী জনায় তেওঁ।


আনহাতে বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ সন্দৰ্ভতো মন্তব্য কৰে অখিল গগৈয়ে। তেওঁ কয়-  ''বীৰ লাচিত বৰফুকনৰ গৰিমা সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবলৈ লোৱা কাৰ্য আদৰণীয়। কিন্তু   বিজেপি আৰু আৰ এছ এছে বীৰ লাচিত বৰফুকনক  হিন্দু বীৰ সজাব বিচৰা কাৰ্যক গৰিহণা দিছোঁ। লাচিত বৰফুকন হিন্দু বীৰ নহয়, তেওঁ অসমীয়া বীৰ। বীৰ লাচিত বৰফুকনৰ বিষয়ে সঠিক তথ্য সন্নিৱিষ্ট কৰি চি বি এছ চি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰক।"


ইপিনে ২৪ নৱেম্বৰত ৰাইজৰ দলৰ উদ্যোগত ঐতিহাসিক ৰংঘৰৰ বাকৰিত বীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তী উদযাপন কৰিব বুলি সদৰী কৰে শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি