• Home
  • »
  • News
  • »
  • assam
  • »
  • Akhil Gogoi : মিজোৰামৰ আক্ৰমণৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীক পদত্যাগৰ দাবী অখিল গগৈৰ, অন্যথা লওক কঠোৰ পদক্ষেপ।

Akhil Gogoi : মিজোৰামৰ আক্ৰমণৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীক পদত্যাগৰ দাবী অখিল গগৈৰ, অন্যথা লওক কঠোৰ পদক্ষেপ।

অসমৰ  লাইলাপুলত ২৫ কিলোমিটাৰ সোমাই আহিল মিজোৰাম । হাইলাকান্দি, কৰিমগঞ্জ আৰু কাছাৰত এতিয়ালৈকে মুঠ ১১ হেজাৰ হেক্টৰ মাটি মিজোৰামে দখল কৰিলে : অখিল গগৈ

অসমৰ  লাইলাপুলত ২৫ কিলোমিটাৰ সোমাই আহিল মিজোৰাম । হাইলাকান্দি, কৰিমগঞ্জ আৰু কাছাৰত এতিয়ালৈকে মুঠ ১১ হেজাৰ হেক্টৰ মাটি মিজোৰামে দখল কৰিলে : অখিল গগৈ

অসমৰ  লাইলাপুলত ২৫ কিলোমিটাৰ সোমাই আহিল মিজোৰাম । হাইলাকান্দি, কৰিমগঞ্জ আৰু কাছাৰত এতিয়ালৈকে মুঠ ১১ হেজাৰ হেক্টৰ মাটি মিজোৰামে দখল কৰিলে : অখিল গগৈ

  • Share this:
"যদি দায়িত্বশীল মুখ্যমন্ত্ৰী হয়, মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে, অন্যথা মিজো আৰক্ষী- দুৰ্বৃত্তৰ বিৰুদ্ধে  কঠোৰ পদক্ষেপ ল'ব লাগে। কঠোৰ পদক্ষেপ ল'ব নোৱাৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰা উচিত।" মংগলবাৰে বিয়লি শিৱসাগৰ  আবৰ্ত ভৱনত অনুষ্ঠিত এখন  সংবাদ মেলত এই মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে । "আত্ম সন্মান আছে যদি মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰা উচিত" বুলি অখিল গগৈয়ে কটাক্ষ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক

তেওঁ আৰু কয়, "টুইটাৰ যুদ্ধৰ বাহিৰে চৰকাৰে একো কাৰ্যকৰী পদক্ষেপ লোৱা নাই। টুইটাৰ যোগে কেৱল মৃত মানুহৰ খবৰ দিয়াই মুখ্যমন্ত্ৰীৰ কাম নহয় । মুখ্যমন্ত্ৰীয়ে কেৱল টুইট কৰি দায়িত্বৰ পৰা আঁতৰিলে নহ'ব। মুখ্যমন্ত্ৰীয়ে এতিয়াও কেৱল মুখ চুপতি মাৰি আছে।" দোষী সকলৰ বিৰুদ্ধেযদি একো কঠোৰ পদক্ষেপ ল'ব নোৱাৰে তেন্তে মিজোৰামৰ বিৰুদ্ধে  অৰ্থনৈতিক অৱৰোধ কৰিব লাগে বুলিও অখিল গগৈয়ে সংবাদমেলত মন্তব্য কৰে ।

তদুপৰি আহত সকলৰ খবৰ লোৱাতে মুখ্যমন্ত্ৰী ক্ষান্ত নাথাকি ঘটনাস্থলিলৈ গৈ পৰিস্থিতি বুজ লোৱাৰো আহ্বান জনায় শিৱসাগৰ সমষ্টিৰ বিধায়ক গৰাকীয়ে।

"অসমৰ এক ইঞ্চিও মাটি নিদিও বুলি কোৱা ডাইলগ শুনি শুনি আমনি লাগিছে" বুলি কটাক্ষ কৰি অখিল গগৈয়ে কয়, "মিজোৰামে অসমৰ ভূমি  দখল কৰিয়েই আছে। অসমৰ  লাইলাপুলত ২৫ কিলোমিটাৰ সোমাই আহিলে মিজোৰাম । হাইলাকান্দি, কৰিমগঞ্জ আৰু কাছাৰত এতিয়ালৈকে মুঠ ১১ হেজাৰ হেক্টৰ মাটি মিজোৰামে দখল কৰিলে।" তদুপৰি অৰুণাচল, নাগালেণ্ড , মেঘালয় আদি ৰাজ্য সমূহেও অসমৰ মাটি দখল কৰি আছে যদিও চৰকাৰ শুই থকা বুলি সমালোচনা কৰে বিধায়ক গৰাকীয়ে।

সংবাদমেলত সোমবাৰৰ হিংসাত্মক ঘটনাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ তদন্তৰ দাবী জনায় বিধায়ক অখিল গগৈয়ে।
Published by:Manjumoni Borah
First published: