‘ৰাইজ বিজেপি মুক্ত হ’ব বিচাৰিছে, অখিল গগৈক বিনাচৰ্তে মুকলি কৰি দিয়ক’

News18 Assam | News18-Assam
Updated:December 9, 2020, 11:08 PM IST
‘ৰাইজ বিজেপি মুক্ত হ’ব বিচাৰিছে, অখিল গগৈক বিনাচৰ্তে মুকলি কৰি দিয়ক’
পূৰ্বতকৈ অধিক তীব্ৰতৰ হ’ব নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনঃ লুৰিণ

পূৰ্বতকৈ অধিক তীব্ৰতৰ হ’ব নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনঃ লুৰিণ

  • Share this:
অখিল গগৈক বিনাচৰ্তে মুকলি কৰি দিবলৈ দাবী জনালে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে। ইফালে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পূৰ্বতকৈ অধিক তীব্ৰতৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে লুৰিণ জ্যোতি গগৈয়ে। লগতে ৰাজ্যৰ প্ৰতিটো দল -সংগঠনকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ আহ্বান জনায়।

লখিমপুৰত উপস্থিত হৈ লুৰিণ জ্যোতি গগৈয়ে লগতে কয় যে, ‘সকলো দল সংগঠনে কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰক।  সমগ্ৰ অসম বিজেপি মুক্ত হ’ব বুলি। অসমৰ ৰাইজে এতিয়া সাম্প্ৰদায়িকতাৰ পৰা পৰিত্ৰাণ বিচাৰিছে।’

অখিল গগৈৰ সন্দৰ্ভত কয় যে, ‘অখিল গগৈয়ে কোনো ধৰণৰ ৰাষ্ট্ৰ বিৰোধী কাম কৰা নাই। অগণতান্ত্ৰিক, অসংবিধানিক কামৰ বিৰুদ্ধে আন্দোলন কৰিছে অখিল গগৈয়ে। অখিল গগৈৰ বিৰুদ্ধে অন্যায় কৰা হৈছে। কোৰোণাৰ সময়ত বহু কাৰাবন্দীক মুকলি কৰি দিলে। অখিল গগৈক বিনাচৰ্তে মুকলি কৰি দিব লাগে।’
Published by: Himangshu Bhuyan
First published: December 9, 2020, 11:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading