অখিল গগৈ আৰু ৰকিবুল হুছেইন
By Election Congress-Raijor Dal : ভূপেন বৰাক ভৱানীপুৰত নিৰ্বাচন খেলিবলৈ আহ্বান অখিল গগৈৰ
"অসমৰ ৰাইজে আজিৰ পৰা এক নতুন উৎসাহ পাব।"- এই মন্তব্য ৰকিবুল হুছেইনৰ। চামগুৰিত ৰাইজৰ দল আৰু কংগ্ৰেছৰ ঘণ্টাজোৰা বৈঠকৰ অন্তত ৰকিবুল হুছেইনৰ মন্তব্য। " ৰাইজৰ দল আৰু AJP ৰ লগত আলোচনা হৈছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ লগত ৷ আজি দেবব্ৰত শইকীয়াই AJPৰ লগত বৈঠকৰ লগত মিলিত হ’ব ৷ বিজেপি বিৰোধী শক্তিক একত্ৰিত কৰি উপ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছে কংগ্ৰেছে ৷ AIUDFৰ লগত কোনো ধৰণৰ মিত্ৰতা এইবাৰ কংগ্ৰেছে নকৰে ৷"
আনহাতে কংগ্ৰেছৰে বৈঠকৰ অন্তত অখিল গগৈয়ে সাংবাদিকক কয়, "আজি বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনৰ লগত সৌহাৰ্দ্যপূৰ্ণ আলোচনা হৈছে। সাম্প্ৰদায়িক বিজেপিক প্ৰতিহত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷"
একেসময়তে ভৱানীপুৰ সমষ্টিত ৰাইজৰ দলে নিৰ্বাচন নেখেলে বুলি কংগ্ৰেছ দলক স্পষ্ট কৰি দিছে ৷ ভৱানীপুৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাক নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আহ্বান জনায় অখিল গগৈয়ে। এটা সমষ্টিতেহে নিৰ্বাচন খেলিবলৈ বিচাৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয়, "অকল থাওৰা সমষ্টিটো ৰাইজৰ দলক দিলে মৰিয়নি সমষ্টিৰ বাবে দলটোয়ে ঘোষণা কৰা প্ৰাৰ্থীৰ কথা পুনৰ বিবেচনা কৰিব ৷"
অখিল গগৈয়ে লগতে কয়, "থাওৰা সমষ্টি কংগ্ৰেছে এৰি নিদিলেও মাজুলী, ভৱানীপুৰ গোসাইগাঁও, তামুলপুৰ সমষ্টি কেইটাত ৰাইজৰ দলে কংগ্ৰেছক সহায় কৰিব। আনহাতে থাওৰা যদি কংগ্ৰেছে এৰি নিদিয়ে তেন্তে মৰিয়নিত ৰাইজৰ দলে নিৰ্বাচন খেলিব বুলিও মন্তব্য কৰে অখিল গগৈয়ে। অখিল গগৈয়ে লগতে কয় এআইইউডিএফ আৰু বিজেপিৰ মাজত কোনো পাৰ্থক্য নাই সেয়ে ৰাইজৰ দলে সদায় এই দল দুটাৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰি যাব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|