உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Rajya Sabha Polls: ''মুখ্যমন্ত্ৰীৰ পাল্লাত পৰি বহুতৰে ৰাজনৈতিক জীৱন ধ্বংস হৈছে''- হিমন্ত বিশ্ব শৰ্মাক লৈ সৰৱ অখিল গগৈ

    Rajya Sabha Polls: ''মুখ্যমন্ত্ৰীৰ পাল্লাত পৰি বহুতৰে ৰাজনৈতিক জীৱন ধ্বংস হৈছে''- হিমন্ত বিশ্ব শৰ্মাক লৈ সৰৱ অখিল গগৈ

    Akhil Gogoi

    Akhil Gogoi

    অবিশ্বাস আৰু সন্দেহৰ বাতাৱৰণ সৃষ্টি কৰিছে বিজেপিয়েঃ ভূপেন বৰা

    • Share this:
    ৰাজ্যসভাৰ দুই আসনক লৈ অসমৰ ৰাজনৈতিক পৰিৱেশে এতিয়া চৰম কৌতূহলৰ মাজত অৱস্থান লৈছে। ৪৩ গৰাকী বিধায়কসহ সোমবাৰে দিনৰ ১১ বজাত মনোনোয়ন পত্ৰ দাখিল কৰিবলৈ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰা সাজু হোৱাৰ সময়তে কংগ্ৰেছ বিধায়ক শশীকান্তৰ ঘৰত হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতি চৰ্চিত বিষয় হৈ পৰিছে (Rajya Sabha Polls)।

    দেওবাৰে কংগ্ৰেছ, এআইইউডিএফ, ৰাইজৰ দল আৰু চিপিআই এমৰ বিধায়িনী দলৰ বৈঠকৰ পিছত  ৰাইজৰ দলৰ মুৰব্বীয়ে কঠোৰ ভাষাৰে সমালোচনা কৰে মুখ্যমন্ত্ৰী ড০  হিমন্ত বিশ্ব শৰ্মাক।

    "মুখ্যমন্ত্ৰীয়ে লেতেৰা ৰাজনীতি কৰিছে, মই গৰিহনা দিছোঁ"- এইদৰে কয়  অখিল গগৈয়ে। তেওঁ লগতে বিৰোধী বিধায়কৰ ভোট ল'বলৈ মুখ্যমন্ত্ৰীক (CM Himanta Biswa Sarma) অপচেষ্টা নকৰিবলৈ সকীয়াই দিয়ে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।

    গগৈয়ে এইক্ষেত্ৰত কয়- "আগতে ৰাজ্যসভাত হিমন্তৰ পাল্লাত পৰা সকলো নেতাৰ কেৰিয়াৰ ধ্বংস হৈছে।"

    আনহাতে, চিপিআই এমৰ সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে বিৰোধী পক্ষৰ প্ৰাৰ্থী ৰিপুণ বৰাৰ জয় হোৱাটো নিশ্চিত বুলি কয়। শাসক পক্ষৰ হাতত সংখ্যা নাই, তাৰ মাজতে লেতেৰা ৰাজনীতি কৰিছে বুলিও অভিযোগ কৰে বাঁওপন্থী বিধায়ক  মনোৰঞ্জন তালুকদাৰে।

    উল্লেখ্য,  ৰাজ্যসভা নিৰ্বাচন সম্পৰ্কত পুংখানুপুংখভাৱে আলোচনা হয় দেওবাৰৰ সন্ধিয়াৰ গুৰুত্বপূৰ্ণ বৈঠকত। একেখন বৈঠকতে কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক
    ভৰত চন্দ্ৰ নৰহক আহ্বায়ক হিচাপে লৈ চাৰিওটা দলৰ এখন বিশেষ উমৈহতীয়া কমিটি গঠন হয়। শশীকান্ত দাস সম্পৰ্কত আইনগত ব্যৱস্থা কি ল'ব এই কমিটীয়ে নিৰ্ধাৰণ কৰিব।

    কমিটীখনত সদস্য হিচাপে আছে ৰকিবুলৰ হুছেইন, অখিল গগৈ (Akhil Gogoi), হাফিজ বছিৰ আহমেদ কাছিমি, মনোৰঞ্জন তালুকদাৰ আৰু আমিনুল ইছলাম।
    Published by:Gautam Barman
    First published: