চিৰাজুদ্দিনৰ বক্তব্যক নিন্দা কৰাৰ লগতে বক্তব্য উঠাই লৈ ৰাজহুৱা ক্ষমা বিচৰাৰ দাবী বিধায়ক অখিল গগৈৰ।
চিৰাজুদ্দিনৰ বক্তব্যক নিন্দা কৰাৰ লগতে বক্তব্য উঠাই লৈ ৰাজহুৱা ক্ষমা বিচৰাৰ দাবী বিধায়ক অখিল গগৈৰ।
AIUDFৰ চিৰাজুদ্দিন আজমলে অসমীয়া ভাষাক লৈ কৰা অপমানসূচক মন্তব্যক লৈ শিৱসাগৰ বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া। AIUDFক অসমীয়া জাতিৰ এটা শত্ৰু দল আখ্যা অখিল গগৈৰ। অখিল গগৈয়ে, ‘‘AIUDFৰ বাবে অসমত মৌলবাদী ৰাজনীতি বিকশিত হৈছে। অসমীয়া ভাষাক অপমানত AIUDFৰ অসমীয়া ভাষাৰ প্ৰতি থকা বিৰূপ আচৰণ প্ৰতিফলিত হৈছে।’’
চিৰাজুদ্দিনৰ বক্তব্যক নিন্দা কৰাৰ লগতে বক্তব্য উঠাই লৈ ৰাজহুৱা ক্ষমা বিচৰাৰ দাবী বিধায়ক অখিল গগৈৰ। আনহাতে, বিগত ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ তিনিজনে আৰু AIUDFৰ সাতজন বিধায়কে বিজেপিক ভোট প্ৰদান কৰিছে বুলি মন্তব্য কৰে অখিল গগৈয়ে।
ৰাজ্যসভা নিৰ্বাচনত AIUDF–এ আটাইতকৈ বেছি গাড্ডাৰী কৰিছে বুলি কয় অখিল গগৈয়ে। বিগত ৰাজ্যসভা নিৰ্বাচনত অখিল গগৈয়ে ধনৰ লেনদেন কৰিছে বুলি উঠা অভিযোগৰ ওপৰতো মন্তব্য বিধায়কগৰাকীৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|