• Home
  • »
  • News
  • »
  • assam
  • »
  • MLA Akhil Gogoi: ''সৰ্বানন্দ সোণোৱালে তেওঁৰ বিভাগৰ জাহাজ এতিয়া গুৱাহাটীৰ পথতে চলাব পাৰিব।''-হাইলাকান্দিত সভা পাতিবলৈ নিদিয়াত ক্ষুণ্ণ অখিল গগৈ

MLA Akhil Gogoi: ''সৰ্বানন্দ সোণোৱালে তেওঁৰ বিভাগৰ জাহাজ এতিয়া গুৱাহাটীৰ পথতে চলাব পাৰিব।''-হাইলাকান্দিত সভা পাতিবলৈ নিদিয়াত ক্ষুণ্ণ অখিল গগৈ

হাইলাকান্দিত অখিল গগৈৰ সংবাদমেল, ক'লে- নূপুৰ শৰ্মাৰ মন্তব্যৰ বাবে দেশজুৰি হোৱা সকলো প্ৰতিক্ৰিয়াৰ বাবে বিজেপি দায়ী।

হাইলাকান্দিত অখিল গগৈৰ সংবাদমেল, ক'লে- নূপুৰ শৰ্মাৰ মন্তব্যৰ বাবে দেশজুৰি হোৱা সকলো প্ৰতিক্ৰিয়াৰ বাবে বিজেপি দায়ী।

হাইলাকান্দিত অখিল গগৈৰ সংবাদমেল, ক'লে- নূপুৰ শৰ্মাৰ মন্তব্যৰ বাবে দেশজুৰি হোৱা সকলো প্ৰতিক্ৰিয়াৰ বাবে বিজেপি দায়ী।

  • Share this:
হাইলাকান্দিত অখিল গগৈৰ অনুষ্ঠানত বাধা আৰক্ষীৰ। বৰাক উপত্যক‍াৰ তিনি জিলাত ১৪৪ ধাৰা বলৱৎ থকাৰ বাবে আৰক্ষীয়ে বন্ধ কৰি দিয়ে অখিল গগৈৰ সভা। তিনিদিনীয়া বৰাক উপত্যকা ভ্ৰমণত আহি আজি হাইলাকান্দিত উপস্থিত হৈছিল ৰাইজৰ দলৰ মুৰব্বী তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ (Akhil Gogoi criticised BJP at press conference)।

হাইলাকান্দি আৱৰ্ত ভৱনত এক সংবাদমেল সম্বোধন কৰি ৰাজ্য তথা কেন্দ্ৰ চৰকাৰৰ চোকা সমালোচনা কৰি কয়- ''হাইলাকান্দিৰ সভাৰ বাবে তেওঁলোকে আগতীয়‍‍া অনুমতি লৈছিল। কিন্তু ইয়‍াৰ পিছতো আৰক্ষীয়ে এট‍া গণতান্ত্ৰিক অনুষ্ঠানত বাধা প্ৰদান কৰিছে। এয়া ৰাষ্ট্ৰসন্ত্ৰাস।''

তেওঁ লগতে ব‍াক স্বাধীনতা খৰ্ব কৰাৰ প্ৰয়াস তথা সাংবিধানিক অধিকাৰৰ অৱমাননা বুলি উল্লেখ কৰি কয় যে দেশজুৰি বৰ্তমান স্বৈৰতন্ত্ৰ, হিটলাৰবাদ চলিছে।

বিজেপিক সমালোচনা কৰি গগৈ কয়-  ''দেশখন সাম্প্ৰদায়িকতাত বিভক্ত কৰিছে বিজেপিয়ে । এতিয়া দেশতে নূপুৰ শৰ্মাৰ মন্তব্যৰ বাবে হোৱা সকলো প্ৰতিক্ৰিয়াৰ বাবে বিজেপি দায়ী । বিজেপি চৰকাৰে বিৰোধীক ধ্বংস কৰাৰ চেষ্টা চলাইছে। দেশত অঘোষিত জৰুৰী অৱস্থা চলিছে।''

ইপিনে বিজেপিৰ সমান্তৰালকৈ এআইইউডিএফ দলক সমালোচনা কৰি গগৈয়ে কয়- ''AIUDFৰ ৭ জন বিধায়কে ৰাজ্যসভাত বিজেপিত ভোট দিছিলে । ইয়াৰ ভিতৰতে আছে বৰাকৰ পৰা ৪ AIUDF বিধায়ক। বিজেপিৰ বিৰোধিতা কৰি নিৰ্বাচনত জয়ল‍াভ কৰাসকলে তেওঁলোকৰ পক্ষত ভোটদান কৰিছে।''

 ইপিনে গুৱাহাটী মহানগৰীৰ বানপানীৰ ওপৰত মন্তব্য কৰি গগৈয়ে কয়- ''গুৱাহাটী এতিয়া সাগৰত পৰিণত হৈছে। কৃত্ৰিম বানত গুৱাহাটী, ৰে'ল ষ্টেচনত ১ ফুট পানী। এয়া বিজেপি চৰকাৰৰ দিনতে সম্ভৱ। সৰ্বানন্দ সোণোৱালে তেওঁৰ বিভাগৰ জাহাজ এতিয়া গুৱাহাটীৰ পথতে চলাব পাৰিব। ৫ বছৰ গুৱাহাটী উন্নয়নৰ দায়িত্বত আছিল হিমন্ত বিশ্ব শৰ্মা। ২২ বছৰৰ পৰ‍া ৰাজত্ব কৰাৰ পিছতো গুৱাহাটীৰ কৃত্ৰিম বান সমাধান কৰিব নোৱাৰিলে। গুৱাহাটীৰ সকলো অঞ্চলত গৈ ৰাজহুৱাকৈ ক্ষমা খুজিব লাগিব হিমন্ত বিশ্ব শৰ্মাই।''
Published by:Gautam Barman
First published: